৫ মাৰ্চ,২০২৫- নতুনৰ বাবে বাট মুকলি! এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ষ্টিভ স্মিথৰ
চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন ছেমি ফাইনেলত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৪ উইকেটত পৰাস্ত হোৱাৰ লগে লগেই চেম্পিয়নছ ট্ৰফী জয়ৰ আশাত চেচাপানী পৰিল কেংগাৰু বাহিনীৰ। ভাৰতৰ বিৰুদ্ধে পৰাজয়ৰ লগে লগেই ক্ৰিকেট বিশ্বক আচৰিত কৰি এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে অষ্ট্ৰেলিয়া দলৰ অধিনায়ক ষ্টিভ স্মিথে। অৱশ্যে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলেও টেষ্ট আৰু টি-২০ ফৰ্মেট খেলি থাকিব ষ্টিভ স্মিথে।
২০১০ চনত এদিনীয়া ক্ৰিকেটত অভিষেক ঘটোৱা ষ্টিভ স্মিথে অষ্ট্ৰেলিয়াৰ হৈ মুঠ ১৭০খন এদিনীয়াত গড়ে ৪৩.২৮ কৈ সংগ্ৰহ কৰিছিল ৫৮০০ ৰান , য’ত স্মিথৰ বেটৰ পৰা আহিছিল ৩৫টা অৰ্ধশতক আৰু ১২টা শতক। আনহাতে ভাৰতৰ বিৰুদ্ধেও ষ্টিভ স্মিথৰ প্ৰদৰ্শন আছিল উন্নতমানৰ। ভাৰতৰ বিৰুদ্ধে ৩০খন এদিনীয়াত স্মিথে ৫৩.১৯ গড়ে সংগ্ৰহ কৰিছিল ১৩৮৩ ৰান । য'ত স্মিথৰ বেটৰ পৰা আহিছিল ৭টা অৰ্ধশতিক আৰু ৫টাকৈ শতিক।
উল্লেখ্য যে ৩৫ বছৰীয়া ষ্টিভ স্মিথে চেম্পিয়নছ ট্ৰফীৰ ছেমি ফাইনেলত পৰাজয়ৰ পিছতেই নিজৰ সিদ্ধান্তৰ বিষয়ে সতীৰ্থসকলক অৱগত কৰে। ষ্টিভ স্মিথে কয়, ‘এয়া এক সুন্দৰ যাত্ৰা আৰু ইয়াৰ প্ৰতিটো মিনিট মই উপভোগ কৰিলোঁ। ইমানবোৰ আচৰিত মুহূৰ্ত আৰু আচৰিত স্মৃতি। দুটা বিশ্বকাপ জয় কৰাটো আছিল এক বৃহৎ কৃতিত্ব, আৰু যাত্ৰাটো ভাগ কৰিবলৈ বহুতো আচৰিত সতীৰ্থ আছিল। এতিয়া ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে প্ৰস্তুতি আৰম্ভ কৰাৰ সময় আ্ৰৰু নতুন খেলুৱৈৰ বাবে বাট মুকলি কৰি দিয়াৰ এয়াই উপযুক্ত সময়।