৯ জানুৱাৰী ২০২৫- টকা অবিহনে দুৰ্ঘটনাত আক্ৰান্তসকলে লাভ কৰিব চিকিৎসা
দেশত উদ্বেগজনক হাৰত বৃদ্ধি পোৱা দুৰ্ঘটনাগ্ৰস্ত লোকৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ আঁচনি। এতিয়াৰে পৰা দুৰ্ঘটনাত আক্ৰান্তসকলে লাভ কৰিব ‘ধনবিহীন চিকিৎসা’। দেশজুৰি কেন্দ্ৰীয় চৰকাৰে প্ৰযোজ্য কৰিব ‘নগদবিহীন চিকিৎসা’ আঁচনি। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিছে যে এই আঁচনিৰ অধীনত ২৪ ঘণ্টাৰ ভিতৰত যদি আৰক্ষীক দুৰ্ঘটনাটোৰ বিষয়ে অৱগত কৰা হয় তেনেহলে পথ দুৰ্ঘটনাত পতিত হোৱা লোকৰ চিকিৎসাৰ সাত দিনৰ বাবে ১.৫ লাখ টকা পৰ্যন্ত খৰচ চৰকাৰে বহন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰিছে যে ‘হিট এণ্ড ৰাণ’ গোচৰত মৃত ভুক্তভোগীৰ পৰিয়ালক ২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। উল্লেখ্য যে ২০২৪ চনত প্ৰায় ১ লাখ ৮০ হাজাৰ লোকে পথ দুৰ্ঘটনাত মৃত্যুত আঁকোৱালি লৈছে। ইয়াৰে ৩০ হাজাৰ লোকৰ হেলমেট পৰিধান নকৰাৰ বাবে মৃত্যু হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ৬৬ শতাংশ দুৰ্ঘটনা ১৮ৰ পৰা ৩৪ বছৰ বয়সৰ লোকৰ মাজত সংঘটিত হৈছে।
গাডকাৰীয়ে জনোৱা মতে, অসম, চণ্ডীগড়, পঞ্জাব, উত্তৰাখণ্ড, পুডুচেৰী আৰু হাৰিয়ানাত এই আঁচনিৰ পাইলট প্ৰজেক্টৰ কালত ইতিমধ্যে ৬,৮৪০গৰাকী লোক উপকৃত হৈছে। দেশজুৰি এই আঁচনি ৰূপায়ন হ’লে কমেও ৫০ হাজাৰ লোকক সময়ত উপযুক্ত চিকিৎসা প্ৰদান কৰি জীৱন ৰক্ষা কৰিব পৰা যাব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। দেশজুৰি দুৰ্ঘটনাৰ পৰিমাণ বৃদ্ধি পোৱাক লৈ উদ্বিগ্ন কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে সদৰী কৰা মতে–পথ নিৰাপত্তাই হৈছে বৰ্তমান চৰকাৰে অগ্ৰাধিকাৰ দিয়া এটা বিষয়। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব কেতবোৰ নতুন সিদ্ধান্ত।