১৯ ডিচেম্বৰ,২০২৪- ভাৰতৰ শেষৰটো ৰেল ষ্টেচন, য'লৈ কোনো যাত্ৰী নাযায়!
ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে চতুৰ্থ বৃহত্তম ৰেল ব্যৱস্থাৰ দেশ। সৰু-ডাঙৰকে ধৰি ভাৰতত বহু ৰেল ষ্টেচন আছে। কিন্তু এই সকলোবোৰৰ মাজত এটা ৰেল ষ্টেচন বিশেষ। কাৰণ এই ৰেল ষ্টেচনটোত দেখিবলৈ নাপাব ৰেলযাত্ৰী। ভৌগোলিক দিশৰ পৰা ভাৰত-বাংলাদেশ সীমান্তত থকা আমাৰ দেশৰ শেষৰটো ৰেল ষ্টেচন হৈছে সিংহাবাদ ৰেলৱে ষ্টেচন। এই ষ্টেচনটো পশ্চিম বংগৰ মালদা জিলাৰ হাবিবপুৰ অঞ্চলত অৱস্থিত। এই ষ্টেচনত ভাৰতৰ সীমান্ত শেষ হয় আৰু বাংলাদেশ সীমান্ত আৰম্ভ হয়। ইংৰাজৰ সময়ত সিংহাবাদ ৰেল ষ্টেচন স্থাপন কৰা হৈছিল। সেই সময়ত ইয়াৰ গুৰুত্ব আছিল অতিশয়। কলকাতা আৰু ঢাকাৰ মাজত যাতায়তৰ বাবে এই সংযোগস্থল অতি গুৰুত্বপূৰ্ণ।
সিংহাবাদ ৰেলৱে ষ্টেচন যিটো পথত অৱস্থিত, সেই পথটো মূলতঃ ইংৰাজে যাতায়তৰ বাবে ব্যৱহাৰ কৰিছিল। ইতিহাসৰ পৰা জনা যায় যে এই পথেৰে বেছিভাগেই ভাৰত আৰু বাংলাদেশৰ মাজত মালবাহী ৰে’ল যাত্ৰা কৰিছিল। অতি কম সংখ্যক যাত্ৰীবাহী ৰেল এই পথত চলাচল কৰিছিল। স্বাধীনতাৰ পূৰ্বে মহাত্মা গান্ধী আৰু সুভাষ চন্দ্ৰ বসুৰ দৰে বিখ্যাত লোকে এই পথেৰে ঢাকালৈ গৈছিল। ফলত এই ষ্টেচনৰ নাম ইতিহাসত লিপিবদ্ধ হৈছে।
বৰ্তমান এই পথেৰে যাত্ৰীবাহী ৰেলৰ চলাচল বন্ধ কৰা হৈছে। এই পথত কেৱল সামগ্ৰী পৰিবহণৰ বাবে চলি আছে মালবাহী ট্ৰেইন। ১৯৭১ চনত বাংলাদেশ গঠন হোৱাৰ পিছত এই ষ্টেচন ভাৰতৰ সৈতে বাণিজ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ হৈ পৰে। ১৯৭৮ চনত দুয়োখন দেশৰ মাজত এখন চুক্তি স্বাক্ষৰিত কৰি ইয়াৰ পৰা আনুষ্ঠানিকভাৱে সামগ্ৰী পৰিবহণৰ অনুমতি দিয়া হয়। ২০১১ চনত এই চুক্তিখন সংশোধন কৰি মালবাহী ট্ৰেইনক নেপাললৈ অহা-যোৱা কৰিবলৈ অনুমতি দিয়া হয়। ইয়াৰ ফলত সিংহাবাদ আঞ্চলিক বাণিজ্যৰ বাবে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ৰেলৱে ষ্টেচন হৈ পৰিল।
এসময়ৰ অতি গুৰুত্বপূৰ্ণ সিংহাবাদ ৰেলৱে ষ্টেচনটো এতিয়া ধ্বংসাৱশেষত পৰিণত হৈছে। ষ্টেচনৰ প্লেটফৰ্মবোৰ এতিয়া খালী। টিকট কাউণ্টাৰো বন্ধ। ষ্টেচনৰ ৰক্ষণাবেক্ষণৰ বাবে কেইজনমান কৰ্মচাৰীৰ বাহিৰে তাত কোনো লোক দেখিবলৈ পোৱা নাযায়। এই পথেৰে যিহেতু কেৱল মালবাহী ট্ৰেইনৰ অনুমতি আছে, গতিকে ইয়ালৈ কোনো যাত্ৰীবাহী ৰে’ল নাহে। ফলত কোনো যাত্ৰীও সিংহাবাদ ৰেলৱে ষ্টেচনলৈ নাযায়।