জোনবিল বিলৰ পাৰত ঐতিহাসিক 'জোনবিল মেলা'

DY365
DY365
Published: January 10,2025 06:16 PM
DY365

Story highlights

জোনবিল বিলৰ পাৰত ঐতিহাসিক 'জোনবিল মেলা'

১০ জানুৱাৰী ২০২৫- জোনবিল বিলৰ পাৰত ঐতিহাসিক 'জোনবিল মেলা'
১৬ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ঐতিহাসিক জোনবিল মেলা। জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হোৱা পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰী জোনবিল মেলাত লৈ প্ৰস্তুতি তুংগত উঠিছে। অহা ১৬ জানুৱাৰীৰ পৰা তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত  হ'ব এই মেলা। মধ্য অসমৰ ভূমিপুত্ৰ তিৱা সকলৰ প্ৰাচীন ঐতিহ্য পৰম্পৰাৰে বহিব বিনিময় প্ৰথাৰ হাট। এই লৈ গোভা দেওৰজা জোনবিল মেলা উন্নয়ন সমিতি আৰু ৰাজপৰিষদে লক্ষাধিক দৰ্শনাৰ্থী আৰু পাহাৰৰ মামা মামী সকলক আদৰিবলৈ চলাইছে ব্যাপক প্ৰস্তুতি। মেলা থলীত খেৰ-বাঁহেৰে নিৰ্মাণ কৰিছে তিৱা সকলৰ অন্যতম সংস্কৃতি ডেকা চাং, ৰভাঘৰ । মেলাৰ লগত সংগতি ৰাখি প্ৰদৰ্শন কৰা হ'ব তিৱাসকলৰ কৃষ্টি-সংস্কৃতি। অনুষ্ঠিত হ'ব কুঁকুৰা যুঁজ,ৰজাদিনীয়া জোনবিলত অনুষ্ঠিত হ'ব সমূহীয়া মাছ মৰা পৰ্ব। বহিব তিৱা ৰাজদৰবাৰ । 
দ্বিতীয় দিনা কাহিলী পুৱাতে পাহাৰৰ মামা-মামী সকলে ভাগ ল'ব ইতিহাসপ্ৰসিদ্ধ বিনিময় প্ৰথাত। পাহাৰত উৎপাদিত আদা-হালধি ,  আলু-কচু ইত্যাদিৰ সৈতে বিনিময় কৰিব ভৈয়ামৰ সান্দহ, লাৰু, পিঠাকে ধৰি আন বহুতো থলুৱা সামগ্ৰীৰ। উল্লেখযোগ্য যে দ্বিতীয় দিনা ৰাজ-দৰবাৰত অংশগ্ৰহণ কৰিব মধ্য অসমৰ ২২ জন তিৱা ৰজাই। এই ৰাজ দৰবাৰত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু তিৱা ৰজা সকলক প্ৰদান কৰিব ৰাজভাট্টা ।
জোনবিল মেলাৰ মূল বিষয় হৈছে বিনিময় প্ৰথা। বৰ্তমান যুগত টকা-পইচাৰে সকলো ক্ৰয় বিক্ৰয় কৰাৰ সময়তেই এই মেলাত থলুৱা খাদ্য দ্ৰব্যৰে আদান-প্ৰদান কৰি থকা প্ৰথা এতিয়াও চলি আছে। এইবোৰেই হৈছে জোনবিল মেলাৰ বিশেষত্ব।


Related