শুকুৰবৰীয়া জুম্মা নামাজৰ মাজতে ভয়ংকৰ বিস্ফোৰণ

DY365
DY365
Published: March 14,2025 06:47 PM
DY365

Story highlights

শুকুৰবৰীয়া জুম্মা নামাজৰ মাজতে ভয়ংকৰ বিস্ফোৰণ

১৪ মাৰ্চ, ২০২৫-  শুকুৰবৰীয়া জুম্মা নামাজৰ মাজতে ভয়ংকৰ বিস্ফোৰণ



পাকিস্তানত সংঘটিত হৈছে ইটোৰ পিছত সিটো বোমা বিস্ফোৰণ। শুকুৰবৰীয়া জুম্মা নামাজৰ মাজতেই সংঘটিত এই ভয়ংকৰ বোমা বিস্ফোৰণত কেইবাজনো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। বিস্ফোৰণৰ পিছতেই শ শ নামাজীৰ মাজত লাগে হুৱাদুৱা। উল্লেখ্য যে পাকিস্তানত ধাৰাবাহিকভাৱে সংঘটিত হোৱা ইটোৰ পিছত সিটো সন্ত্ৰাসবাদী কাণ্ডৰ পিছত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি গঢ়ি তোলা হৈছিল যদিও সন্ত্ৰাসবাদীৰ আক্ৰমণ বন্ধ হোৱা নাই পাকিস্তানত। 



দক্ষিণ ৱাজিৰিস্তানৰ মৌলানা আব্দুল আজিজ মছজিদত সংঘটিত হৈছে আই ই ডি বিস্ফোৰণ। এয়া আছিল বিগত চাৰিদিনত পাকিস্তানত সংঘটিত হোৱা তৃতীয়টো বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ। ১.৪৫ বজাত সংঘটিত হয় এই বোমা বিস্ফোৰণৰ দায়িত্ব বৰ্তমানলৈকে কোনো সংগঠনে স্বীকাৰ কৰা নাই। তথ্য অনুসৰি জমিয়ত উলেমা ইছলাম-ফজল (JUI-F) ৰাজনৈতিক দলৰ স্থানীয় নেতা আব্দুল্লা নাদীমক লক্ষ্য কৰি এই বিস্ফোৰণ সংঘটিত কৰিছিল। এই বিস্ফোৰণত চাৰিজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। 



ইয়াৰ পূৰ্বেও পাকিস্তানৰ মছজিদসমূহত বাৰে বাৰে আক্ৰমণ সংঘটিত হৈছে। যোৱা মাহত নৌশ্বেৰা জিলাৰ এটা মছজিদত এটা বোমা বিস্ফোৰণ হৈছিল। সেই বিস্ফোৰণত কমেও ছয়জন লোকৰ মৃত্যু হয়। কমেও ১৫ জন লোক আহত হয়। ২০২৩ চনৰ জানুৱাৰী মাহত পেছাৱৰৰ পুলিচ লাইনৰ এটা মছজিদৰ ভিতৰত এক বৃহৎ বিস্ফোৰণ সংঘটিত হৈছিল। সেই ঘটনাত কমেও ৫৯ জন লোকৰ মৃত্যু হৈছিল।


Related

TWITTER

FACEBOOK