কঠোৰ আৰক্ষী! মুছলমান প্ৰধান অঞ্চলত বন্ধ কৰিব লাগিব হোলী

DY365
DY365
Published: March 14,2025 04:07 PM
DY365

Story highlights

কঠোৰ আৰক্ষী! মুছলমান প্ৰধান অঞ্চলত বন্ধ কৰিব লাগিব হোলী

১৪ মাৰ্চ, ২০২৫- কঠোৰ আৰক্ষী! মুছলমান প্ৰধান অঞ্চলত বন্ধ কৰিব লাগিব হোলী



আজি ৰঙৰ উৎসৱ হোলী। হোলী উপলক্ষে উত্তৰ প্ৰদেশৰ সম্ভল জিলাত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। যোৱা বছৰৰ নৱেম্বৰ মাহত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ পিছৰে পৰা সম্ভলৰ পৰিৱেশ উত্তাল হৈ আছে, যাৰ পৰিপ্ৰেক্ষিতত সম্ভল প্ৰশাসনে বিশেষ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। এইবাৰ যিহেতু হোলী আৰু জুম্মাৰ নামাজ একেলগে পৰিছে, গতিকে ইয়াৰ বাবে যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে সম্ভল আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে



সম্ভালৰ আৰক্ষী অধীক্ষক বিবেক বিষ্ণোইয়ে কয় যে হোলী অতি উৎসাহেৰে পালন কৰা হৈছে। কিন্তু হোলী উপলক্ষে যদি কোনোবাই কাৰোবাক জোৰকৈ ৰং প্ৰয়োগ কৰে ৰং দিয়াজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। শুকুৰবাৰৰ নামাজৰ সন্দৰ্ভত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে দুপৰীয়া ২:৩০ বজাৰ পিছত মুছলমান সম্প্ৰদায়ৰ লোকে জুমাৰ নামাজ আদায় কৰিব আৰু মুছলমান প্ৰধান অঞ্চলত হোলী উদযাপন বন্ধ কৰা হ’ব।



উল্লেখ্য যে পুৱাৰে পৰা সম্ভলত অতি উৎসাহেৰে হোলী উদযাপন কৰা হৈছে, জামা মছজিদৰ সন্মুখত মানুহে ডিজে বজাই আৰু ইজনে সিজনক ৰং লগাই নাচি হোলী উদযাপন কৰিছে। মানুহে কয় যে ইয়াত সম্পূৰ্ণ সাম্প্ৰদায়িক সম্প্ৰীতি আছে। জামা মছজিদৰ সন্মুখত বেৰিকেড স্থাপন কৰি নিৰাপত্তা কটকটীয়া কৰা হৈছে। বৃহৎ সংখ্যক আৰক্ষী জোৱান মোতায়েন কৰা হৈছে।


Related

TWITTER

FACEBOOK