ইজনৰ পিছত সিজন খকুৱা আৰক্ষীয়ে লজ্জানত কৰিছে বিভাগক!

DY365
DY365
Published: March 14,2025 07:07 PM
DY365

Story highlights

ইজনৰ পিছত সিজন খকুৱা আৰক্ষীয়ে লজ্জানত কৰিছে বিভাগক!

১৪ মাৰ্চ, ২০২৫- ইজনৰ পিছত সিজন খকুৱা আৰক্ষীয়ে লজ্জানত কৰিছে বিভাগক!



ইজনৰ পিছত সিজন আৰক্ষী বিষয়াৰ কু-কাণ্ড এতিয়া পোহৰলৈ আহিছে। পুনৰ অভিযুক্ত মোকলাই দিয়াৰ নামত ধন বিচাৰি আৰক্ষী বিভাগটোক লজ্জানত কৰিলে খকুৱা পুলিচে। অভিযুক্তক মোকলাই দিয়াৰ নামত ধন বিচাৰি যোৰহাট সদৰ আৰক্ষী থানাৰ SI আৰু কণিষ্টবল নিলম্বন হোৱাৰ পিছতেই আজি পুনৰ গোৱালপাৰাত আৰক্ষী বিষয়াৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ উঠিছে। ঘোচখোৰ আৰক্ষী বিষয়াৰ বিৰুদ্ধে এতিয়া নিৰ্দোষী লোকক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে। এইবাৰ ধন দাবীৰ অভিযোগত অভিযুক্ত মৰনৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া। বিনা গোচৰে দুজন লোকক লকআপত ৰাখি নিৰ্যাতন চলোৱাৰ অভিযোগত মৰনৈ থানাৰ অ’চি বিশ্বজ্যোতি শৰ্মাৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল। গোৱালপাৰাৰ আৰক্ষী অধীক্ষক–জিলা আয়ুক্তক এই অভিযোগ দাখিল কৰিছে ভুক্তভোগীয়ে। সোনাপুৰ মাজেৰটিলাৰ ছোহৰাব আলী আৰু জাবেদ আলীয়ে দিলে এই অভিযোগ আনিছে। এটা হত্যাকাণ্ডত এজাহাৰত নাম নথকাকৈ ভুক্তভোগীক নিশা লকআপত ৰাখি ধন দাবী কৰিছিল অ’চি বিশ্বজ্যোতি শৰ্মাই। দালালৰ জৰিয়তে ২ অভিযোগকাৰীৰ পৰা ৪০ হাজাৰ টকা লোৱাৰ অভিযোগ বিশ্বজ্যোতিৰ বিৰুদ্ধে। আনহাতে ধন আদায় পোৱাৰ পিছতে দুয়োকে মুকলি কৰি দিছিল অ’চি বিশ্বজ্যোতি শৰ্মাই। এতিয়া বিশ্বজ্যোতি শৰ্মাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষনীয়।


Related

TWITTER

FACEBOOK