৯ জানুৱাৰী ২০২৪- এনেদৰেই পাতক বিয়া ... পঞ্চায়তে দিব ২১ হাজাৰ টকাকৈ পুৰস্কাৰ
DJ আৰু ৰাগিয়াল দ্ৰৱ্য অবিহনে বৰ্তমানৰ বিয়া অনুষ্ঠানবোৰ প্ৰায় আধৰুৱা যেন লাগে। কিন্তু এতিয়াৰে পৰা যদি DJ আৰু ৰাগিয়াল দ্ৰৱ্য অবিহনে বিবাহ অনুষ্ঠান চলাই দিয়ে তেনেহলে আপুনি লাভ কৰিব ২১ হাজাৰ টকা পুৰস্কাৰ। পঞ্জাৱৰ এখন পঞ্চায়তে গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পঞ্জাৱৰ বাল্লো গাঁৱৰ পঞ্চায়তে বিবাহ অনুষ্ঠানত গাঁওবাসীৰ অপচয়মূলক ব্যয় বন্ধ কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
বাল্লো গাঁৱৰ পঞ্চায়তৰ মুৰব্বী অমৰজীত কৌৰে কয় যে বিয়াত হোৱা অপচয়কাৰী ব্যয় দূৰ কৰাৰ লগতে পৰিৱেশ উন্নত কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। লগতে তেওঁ কয় যে ৰাগিয়াল দ্ৰৱ্যৰ ফলত প্ৰায়ে বিবাহতসমূহত কাজিয়া হয়। ইয়াৰ বাহিৰেও বহু সময়ত DJৰ বাবেই মানুহে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়, সেয়েহে এই সিদ্ধান্ত লোৱা হৈছে।
শেহতীয়াকৈ কিছুদিন পূৰ্বে হাৰিয়ানাৰ হিছাৰৰ উকলানা মাণ্ডী অঞ্চলৰ গাঁও খাইৰীৰ পঞ্চায়তেও বিয়াত DJ বজোৱাৰ সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত লৈছিল। বিবাহ অনুষ্ঠানত DJ বজোৱা লোকৰ বিৰুদ্ধে ১১ হাজাৰ টকা জৰিমনা বিহিব বুলি পঞ্চায়তে কৈছিল। পঞ্চায়তখনে কয় যে বিয়াৰ ৩-৪ দিন আগতে গাঁৱৰ মানুহে DJ বজাবলৈ আৰম্ভ কৰে, যাৰ বাবে আন মানুহে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত পঞ্চায়তে সিদ্ধান্ত লৈছে যে এতিয়াৰে পৰা কাৰো ঘৰৰ বিয়াত DJ নাবাজিব।