১৮ ডিচেম্বৰ,২০২৪- আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় কিংবদন্তি অফ স্পিনাৰ ৰবিচন্দ্ৰণ অশ্বিনৰ
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে টীম ইণ্ডিয়াৰ কিংবদন্তি অফ স্পিনাৰ ৰবিচন্দ্ৰণ অশ্বিনে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ মাজতেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে স্পীন তাৰকাগৰাকীয়ে। গাব্বাত অনুষ্ঠিত তৃতীয়খন টেষ্ট ড্ৰ ৰুপে সামৰণি পৰাৰ পিছতেই অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে সংবাদমেল সম্বোধন কৰি অৱসৰ ঘোষণা কৰিলে অশ্বিনে। গাব্বা টেষ্টৰ মাজতেই টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূমত ধৰা পৰিছিল কিছু আৱেগিক দৃশ্য য'ত অশ্বিনক সাৱটি ধৰি কোহলীয়ে বুজনি দিছিল তেতিয়াই ইংগিত পোৱা গৈছিল যে বিশেষ কিবা ঘোষণা আহিব পাৰে। কিছুসময় পিছতেই সেয়াই সঁচা হ'ল আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনালে অশ্বিনে। ২০১১ চনত টেষ্ট অভিষেক ঘটা অশ্বিনে ১০৫খন টেষ্টত ৫৩৭টা উইকেট দখল কৰাৰ লগতে ৬টা শতক আৰু ১৪টা অৰ্ধ শতকৰ সহায়ত সংগ্ৰহ কৰিছিল ৩৪৭৪ ৰাণ। আনহাতে অশ্বিনে ১১৬ খন এদিনীয়াত ১৫৬টা উইকেট দখল কৰাৰ লগতে ৬৫ খন টি-২০ত দখল কৰিছে ৭২টা উইকেট। অৰ্থাত অশ্বিনৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত আছিল ৭৬৫টা উইকেট। উল্লেখ্য যে টেষ্ট ক্ৰিকেটত দ্ৰুতগতিত ২৫০, ৩০০ আৰু ৩৫০ উইকেট দখল কৰা খেলুৱৈ হৈছে অশ্বিন। অশ্বিন ভাৰতৰ বাবেও দ্ৰুতগতিত ৫০, ১০০, ১৫০, ২০০, ২৫০, ৩০০, ৩৫০, ৪০০, ৪৫০ আৰু ৫০০টা টেষ্ট উইকেট দখল কৰা খেলুৱৈ। অশ্বিনে এটা ছিজনত সৰ্বাধিক ৮২টা উইকেট দখল কৰা খেলুৱৈ হিচাপেও অভিলেখ গঢ়িছে।টেষ্ট ক্ৰিকেটৰ সৰ্বাধিক বাওঁহাতৰ বেটছমেনক আউট কৰাৰ ৰেকৰ্ডো অশ্বিনৰ নামত। ভাৰতৰ মাটিত সৰ্বাধিক ৩৮৩টা উইকেট দখল কৰা খেলুৱৈও অশ্বিন। টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰেটিং পইণ্ট পোৱা অভিলেখো অশ্বিনৰ নামত।
আনহাতে,
২০১১ চনত বিশ্বকাপ জয়ী ভাৰতীয় দলৰ সদস্য আছিল অশ্বিন।
২০১৩ চনত চেম্পিয়নছ ট্ৰফী জয় কৰা ভাৰতীয় দলৰ সদস্য আছিল অশ্বিন।
২০১০ আৰু ২০১৬ চনত এছিয়া কাপ জয়ী টীম ইণ্ডিয়াৰ সদস্য আছিল অশ্বিন।
২০১৬ চনত অশ্বিনে লাভ কৰিছিল আইচিচিৰ বৰ্ষশ্ৰেষ্ঠ পুৰুষ টেষ্ট ক্ৰিকেটাৰৰ সন্মান।
২০১১ চনৰ পৰা ২০২০ চনলৈকে দশকৰ টেষ্ট দলতো স্থান লাভ কৰিছিল অশ্বিনে।