হেক হৈছে নেকি আপোনাৰ মোবাইল ফোন? কেনেকৈ জানিব?

DY365
DY365
Published: November 19,2024 08:36 PM
DY365

Story highlights

হেক হৈছে নেকি আপোনাৰ মোবাইল ফোন? কেনেকৈ জানিব?

১৯ নৱেম্বৰ.২০২৪-   হেক হৈছে নেকি আপোনাৰ মোবাইল ফোন? কেনেকৈ জানিব?



প্ৰযুক্তি আধুনিক হোৱাৰ লগে লগে হেকাৰৰ দক্ষতাও আধুনিক হৈ পৰিছে। হেকাৰে যিকোনো সময়তে এটা ক্লিকতে ফোনটো হেক কৰিব পাৰে। আপোনাৰ ফোন হেক হৈছে নে নাই জানিবলৈ আপুনি চাইবাৰ বিশেষজ্ঞ হোৱাৰ প্ৰয়োজন নাই। তলত উল্লেখিত এইকেইটা লক্ষণে যদি আপোনাৰ ফোনত দেখা দিছে তেন্তে আপোনাৰো মবাইল ফোন হেক হ'ব পাৰে- 
অদ্ভূত পপ আপ বিজ্ঞাপন:  ইণ্টাৰনেট ব্ৰাউজ কৰাৰ সময়ত যদি আপুনি হঠাতে আপোনাৰ ফোনত অদ্ভূত বিজ্ঞাপন বা পপ আপ বিজ্ঞাপন দেখিবলৈ আৰম্ভ কৰে, তেন্তে সাৱধান হওক। এইটো আপোনাৰ ফোন হেক হোৱাৰ এটা লক্ষণ।
হঠাৎ ডাটা ব্যৱহাৰ বৃদ্ধি: যদি আপুনি ফোনটো সচৰাচৰৰ দৰে ব্যৱহাৰ কৰি আছে, কিন্তু হঠাতে মোবাইলত ডাটাৰ ব্যৱহাৰ বাঢ়িছে, তেন্তে আপোনাৰ ফোনটো হেক হোৱাৰ সম্ভাৱনা আছে।
হঠাৎ নতুন এপ অহা: যদি হঠাতে আপোনাৰ ফোনত এনে এপ দেখা দিয়ে যিবোৰ আপুনি নিজে ডাউনলোড কৰা নাই, তেন্তে এয়াও বিপদৰ লক্ষণ হ’ব পাৰে। এই এপসমূহে আপোনাৰ ফোনটো মেলৱেৰেৰে ভৰাই তোলে, যাৰ বাবে হেকাৰে আপোনাৰ তথ্য চুৰি কৰিব পাৰে।
বেটাৰী সোনকালে শেষ হোৱা: যদি আপুনি ফোনটো আগৰ দৰে ব্যৱহাৰ কৰি আছে, কিন্তু বেটাৰী সোনকালে শেষ হৈ আছে, তেন্তে আপুনি জনা উচিত যে আপোনাৰ ফোনটো হেক কৰিব পাৰে।
বিনাকাৰণত কেমেৰাৰ লাইট জ্বলি থকা: যেতিয়া আপুনি ফোনটোৰ কেমেৰা ব্যৱহাৰ নকৰে, কিন্তু ইয়াৰ কেমেৰাৰ ‘ইণ্ডিকেটৰ লাইট’ তেতিয়াও জ্বলি থাকে, তেতিয়া ই হেক হোৱাৰ লক্ষণ। এইটো এটা ডাঙৰ লক্ষণ যাৰ বাবে আপোনাৰ ফোনটো হেক হোৱাৰ সম্ভাৱনা। সম্ভৱত কোনো হেকাৰে আপোনাৰ ফোনত স্পাইৱেৰ ইনষ্টল কৰিছে, যাৰ বাবে তেওঁ আপোনাৰ ফোনটোৰ কেমেৰা ব্যৱহাৰ কৰি আপোনাৰ ওপৰত চোৰাংচোৱাগিৰি কৰি আছে।


Related