দায়িত্ব পালনত ব্যৰ্থ হৈছে নেকি চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰী?

DY365
DY365
Published: September 9,2024 05:04 PM
DY365

Story highlights

চিটি স্কেনৰ ৰিপৰ্টৰ পৰিৱৰ্তে দিলে এক্স ৰে ৰিপৰ্ট

ছেপ্তেম্বৰ ৯,২০২৪: পেটৰ প্ৰচণ্ড বিষ, চিকিৎসকৰ ওচৰত দেখুৱাই উপশম পোৱাৰ স্বাৰ্থত পৰিয়ালৰ লোকে আশাৰে লৈ গৈছিল চৰকাৰী চিকিৎসালয়লৈ ৷ কিন্তু চিটি স্কেনৰ ৰিপৰ্টৰ পৰিৱৰ্তে অন্য লোকৰ নামত থকা এক্স ৰে ৰিপৰ্টকে পৰীক্ষাগাৰৰপৰা দিয়াত চিকিৎসকে ৰিপৰ্ট চাই ৰোগীক দিলে কাহ আদিৰ লগত সম্পৰ্ক থকা দৰৱ। যাৰ বাবে নিশা পেটৰ বিষ ক্ৰমাৎ বৃদ্ধি পোৱাত ৰোগীক লৈ যাব লগা হ’ল ব্যক্তিগত চিকিৎসকৰ কাষলৈ। ঘটনাটো সংঘটিত হৈছে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত৷



জামুগুৰিহাটৰ চামধৰা গাঁৱৰ সহজ-সৰল ব্যক্তি এইগৰাকী ৪৬ বছৰীয়া গজেন শইকীয়া। যোৱা কিছুদিন ধৰি আক্ৰান্ত হৈ আছিল পেটৰ বিষত। যাৰ বাবে পৰিয়ালৰ লোকে এইগৰাকী শইকীয়াক চিকিৎসা সেৱা লাভ কৰিবৰ বাবে লৈ গ’ল তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ৷ চিকিৎসালয়ৰ চিকিৎসকে ৰোগীৰ লগত কথা পাতি চিটি স্কেন কৰাৰ পৰামৰ্শ দিলে আৰু সেইমতেই ৰোগীৰ পৰিয়ালে ১১০০ টকা মাচুল দি চিটি স্কেনৰ বাবে পৰীক্ষাগাৰৰ কৰ্মচাৰীৰ ওচৰত থিয় কৰালে৷ চিটি স্কেনো হ’ল কিন্তু চিকিৎসালয়খনৰ দায়িত্বত থকা কৰ্মচাৰীয়ে সহজ-সৰল লোকজনক চিটি স্কেনৰ ৰিপৰ্টৰ পৰিৱৰ্তে দিলে ৫৫ বছৰীয়া চি কে দাস নামৰ আন এজন ৰোগীৰ এক্স ৰে ৰিপৰ্ট৷



সহজ-সৰল ৰোগীজনৰ লগতে চিকিৎসালয়লৈ লৈ যোৱা ভাতৃয়েও আনি চিকিৎসকক ৰিপৰ্টটো জমা দিলে যদিও চিকিৎসকেও ৰোগীৰ নাম পৰীক্ষা নকৰি অন্য ৰোগীৰ নামত থকা এক্সৰে ৰিপৰ্টমতেই দৰৱ লিখি দি ৰোগীক সেই দৰৱ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে৷ চিকিৎসকৰ পৰামৰ্শমতেই উভতি আহি ৰোগীয়ে দৰৱ সেৱন কৰি আছিল যদিও কোনো উপশম নোপোৱাৰ লগতে বিষ ক্ৰমাৎ বৃদ্ধি পোৱাত কালি পুনৰ তেজপুৰৰ ব্যক্তিগত চিকিৎসকৰ কাষলৈ পৰিয়ালৰ লোকে লৈ যোৱাতহে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়খনৰ পৰীক্ষাগাৰৰ দায়িত্বজ্ঞানহীন কৰ্মচাৰীয়ে চিটি স্কেনৰ পৰিৱৰ্তে আনৰ নামৰ এক্স ৰে ৰিপৰ্ট মতে চিকিৎসকেও দৰৱ লিখি দিয়া নাভুত-নাশ্ৰুত ঘটনাটো পোহৰলৈ আহে৷



এতিয়া প্ৰশ্ন হয়, এনেদৰেই দায়িত্ব পালন কৰে নেকি চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীয়ে? এজনৰ পৰীক্ষাৰ ৰিপৰ্ট আন এজনক দি ৰোগীৰ জীৱনলৈ বিপদ মাতি আনি আছে নেকি দায়িত্বত থকা কৰ্মচাৰীয়ে? ৰোগীৰ লগত হেতালি খেলা এনেধৰণৰ কৰ্মচাৰীৰ ওপৰত মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্ৱান জনাইছে ৰোগীৰ পৰিয়ালবৰ্গই৷


Related