২২ডিচেম্বৰ,২০২৪- ৰাজ্যত পুনৰ গ্ৰেপ্তাৰ শ শ অবৈধ স্বামী
ৰাজ্যজুৰি অসম আৰক্ষীয়ে পুনৰ চলাইছে বাল্য বিবাহ বিৰোধী অভিযান। ৰাজ্যৰ ভিন্নপ্ৰান্তত অসম আৰক্ষীয়ে নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে বাল্য বিবাহৰ অভিযুক্তক। বাল্য বিবাহ বিৰোধী অভিযানত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ আৰক্ষীয়ে অভিযান চলাই বাল্য বিবাহৰ লগত জড়িত বহু কেইজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ৰাজ্যত পূৰ্বে দুবাৰকৈ চলিছিল বাল্য বিবাহ বিৰোধী অভিযান। পূৰ্বে বাল্য বিবাহৰ অভিযোগত প্ৰায় সহস্ৰাধিকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। ইয়াৰ পিছতেই নিশা আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে বহু বাল্য বিবাহৰ অভিযুক্তক।
ধুবুৰী জিলাৰ তামাৰহাটৰ পৰা বাল্যবিবাহ বিৰোধী অভিযান চলাই তিনিজনক আটক কৰিছে আৰক্ষীয়ে। ৰঙিয়াতো আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে ৫ গৰাকীকৈ অবৈধ স্বামীক। মাজনিশা বাল্য বিবাহ কৰোৱাৰ অভিযোগত শোৱাপাটিৰ পৰা আটক কৰা নিজ স্বামীক মুকলি কৰি দিয়াৰ দাবীৰে কেচুঁৱা লৈ হাহাকাৰ পত্নীৰ। মৰিগাঁৱতো বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ অভিযান চলাই নিশাৰ ভিতৰতে মৰিগাঁও জিলাৰ পৰা সৰ্বমুঠ ১৬ জনক আটক কৰিছে আৰক্ষীয়ে। দক্ষিণ শালমাৰা-মানকাচৰতো চলিল বাল্য বিবাহ বিৰোধী অভিযান। জিলাখনত বৰ্তমানলৈ বাল্য বিবাহত জড়িত অভিভাৱক, স্বামী সহ মুঠ ৩২ জনক আটক কৰা হৈছে। হাইলাকান্দি জিলাৰ কাঠলিছড়া, আলগাপুৰ, হাইলাকান্দি সদৰ অঞ্চলত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। নিশা কাঠলিছড়া পৰা ১৬ জন আলগাপুৰৰ পৰা ৩ জন আৰু হাইলাকান্দি সদৰৰ পৰা ২ জন অবৈধ স্বামীৰ আটক কৰে হাইলাকান্দি আৰক্ষীয়ে। গোলকগঞ্জতো দেখা গ'ল গোলকগঞ্জ আৰক্ষীৰ তৎপৰতা। ওৰে নিশা চলালে তীব্ৰ অভিযান। ধৰি আনি লকআপত ভৰালে বাল্য বিবাহ কৰোৱা স্বামী আৰু অভিভাৱকক। গোলকগঞ্জ থানাত মুঠ ১০ জনক আটক কৰি লকআপত ভৰালে গোলকগঞ্জ আৰক্ষীয়ে। আগমনীত ৪ জন আৰু হালাকুৰাত ৩ জনক আটক। বাল্য বিবাহৰ বিৰুদ্ধে গোৱালপাৰাতো চলিল আৰক্ষীৰ অভিযান। জিলাখনত গ্ৰেপ্তাৰ ২০ গৰাকীতকৈ অধিক অভিযুক্ত লোক। ধুবুৰীতো পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। গোলকগঞ্জত আটক কৰা হৈছে ১০ জনক। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰীৰ বিভিন্ন অঞ্চলত নিশা আৰক্ষীয়ে চলায় বাল্য বিবাহ বিৰোধী অভিযান। ধুবুৰী সদৰ আৰক্ষী থানা এলেকাৰ পৰা ধুবুৰী আৰক্ষীয়ে আটক কৰিছে ১৭ জনকৈ লোকক। বাল্য বিবাহক লৈ ধিং আৰক্ষীৰো অভিযান । অভিযানত তিনিজনক ইতিমধ্যে আটক কৰিছে ধিং আৰক্ষীয়ে। ডবকাতো অবৈধ স্বামীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ডবকা আৰক্ষীৰ অভিযানত তিনিজনকৈ অবৈধ স্বামী আটক কৰা হৈছে। নিশা চাপৰত বাল্য বিবাহৰ বিৰুদ্ধে চলাই আৰক্ষীয়ে পাঁচ জনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে। যোগীঘোপাতো বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজনকৈ লোকক। বিলাসীপাৰাতো আৰক্ষীৰ অভিযানত আটক কৰা হৈছে ১৫ জনকৈ ️অবৈধ স্বামীক। চিৰাং জিলাতো বাল্যবিবাহৰ বিৰুদ্ধে অভিযান চলাই পাঁচ জনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে। বৰপেটা ৰোড থানাৰ অন্তৰ্গত বিভিন্ন স্থানত পুৱতি নিশালৈ আৰক্ষীয়ে অভিযান চলাই বৰপেটা ৰোড আৰক্ষীয়ে আটক কৰিছে ১২ জন লোকক।