১ মাৰ্চ, ২০২৫- চৰকাৰৰ সিদ্ধান্ত! ১৫ বছৰতকৈ অধিক পুৰণা বাহনে নাপাব ইন্ধন
প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে লৈছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মাৰ্চ মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ ১৫ বছৰৰ ওপৰৰ পেট্ৰ’লচালিত বাহন আৰু ১০ বছৰৰ ওপৰৰ ডিজেলচালিত বাহনৰ চলাচল নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লী চৰকাৰে। দিল্লীৰ ভয়াৱহ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ। ৩১ মাৰ্চৰ পৰা সমগ্ৰ ৰাজধানীৰেই পেট্ৰ’ল পাম্পত ১৫ বছৰৰ ওপৰৰ বাহনলৈ দিল্লী চৰকাৰে পেট্ৰ’লৰ যোগান বন্ধ কৰিব। এই নিয়মৰ অধীনত নিষিদ্ধ বাহন জব্দ কৰি বাতিল কৰা হ’ব। দিল্লীৰ পৰিৱেশ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই কৰিছে এই ডাঙৰ ঘোষণা।
বৈঠকত পুৰণি বাহন নিষিদ্ধকৰণ, বাধ্যতামূলক ধোঁৱা বিৰোধী ব্যৱস্থা আৰু বৈদ্যুতিক ৰাজহুৱা পৰিবহণলৈ স্থানান্তৰকে ধৰি মূল নীতিগত সিদ্ধান্তসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকৰ অন্তত ছিৰছাই কয়, “আমি পেট্ৰ’ল পাম্পত এনে গেজেট স্থাপন কৰিছো, যাৰ দ্বাৰা ১৫ বছৰৰ ওপৰৰ বাহন চিনাক্ত কৰিব পৰা যাব আৰু তেওঁলোকক কোনো ধৰণৰ ইন্ধন দিয়া নহ’ব।” তেওঁ কয় যে এই সিদ্ধান্তৰ বিষয়ে দিল্লী চৰকাৰে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ক অৱগত কৰিব।