বহি:ৰাজ্যৰ পৰা আহি মৰিগাঁৱত বাহৰ পাতিছে নকল সোনৰ চক্ৰই

DY365
DY365
Published: March 12,2025 04:46 PM
DY365

Story highlights

নকল সোণ সহ গ্ৰেপ্তাৰ উত্তৰপ্ৰদেশৰ যুৱকক মৰিগাঁৱ আৰক্ষীৰ। উত্তৰপ্ৰদেশৰ ৩ যুৱক  সহ ৫ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।  ২ কেজী ২৮৩ গ্ৰাম নকল সোনৰ লগতে ৪৯ হাজাৰ টকা জব্দ কৰে আৰক্ষীয়ে।


১২ মাৰ্চ,২০২৫: ৰাজ্যত অব্যাহত নকল সোনৰ সৰবৰাহ। বহি:ৰাজ্যৰ পৰা আহি মৰিগাঁৱত বাহৰ পাতিছে নকল সোনৰ চক্ৰই। নকল সোণ সহ গ্ৰেপ্তাৰ উত্তৰপ্ৰদেশৰ যুৱকক মৰিগাঁৱ আৰক্ষীৰ। উত্তৰপ্ৰদেশৰ ৩ যুৱক  সহ ৫ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।  ২ কেজী ২৮৩ গ্ৰাম নকল সোনৰ লগতে ৪৯ হাজাৰ টকা জব্দ কৰে আৰক্ষীয়ে।



 উত্তৰপ্ৰদেশৰ পৰা অহা যুৱককেইজনে মৰিগাঁও চহৰত ঘূৰি থকা অৱস্থাত সন্দেহ কৰি মৰিগাঁও সদৰ আৰক্ষীৰ তহলদাৰী দলে সোধপোছ কৰাত কিছু তথ্য উদ্ধাৰ কৰে৷ মৰিগাঁও মধুৱন হোটেলত কিছুদিনৰ পৰা বিচাল কুমাৰ, অজয় কুমাৰ আৰু বলবিন্দ্ৰ সিঙে  আহি বাহৰ পাতি আছিল৷ আনহাতে  লক্ষীমপুৰৰ বিহপুৰীয়ৰ  আবু হানিফ নামৰ এজন নকল সোণৰ ব্যৱসায় নগল সোণ লৈ মৰিগাঁও আমোলাপতিৰ পিংকু কটকীৰ ঘৰত বাঁহৰ পাতি আছিল৷ নকল সোণৰ নাও লৈ ধৃত তিনি যুৱক উত্তৰপ্ৰদেশলৈ গুছি যোৱা কথা আছিল যদিও মৰিগাঁও আৰক্ষীৰ তৎপৰতাত ৫ জনীয়া দলটিক কৰায়ত্ত কৰি এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ 
 


Related

TWITTER

FACEBOOK