৬ মাৰ্চ,২০২৫- এনাৰ্জি ড্ৰিংক বিতৰ্ক, মহম্মদ ছামীৰ সমৰ্থনত মৌলানা!
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত চেম্পিয়নছ ট্ৰফীৰ প্ৰথমখন ছেমি ফাইনেলৰ সময়ত মহম্মদ ছামীৰ ভাইৰেল ফটো এখনে ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সূচনা কৰিছে। এই ছবিখনত ভাৰতীয় ফাষ্ট বলাৰ ছামীয়ে এনাৰ্জি ড্ৰিংক খাই থকা দেখা গৈছিল। বিতৰ্কৰ সূচনা হোৱাৰ কাৰণটো হ'ল ১ মাৰ্চৰ পৰা দেশত আৰম্ভ হৈছে পবিত্ৰ ৰমজান মাহ। ২ মাৰ্চৰ পৰা মুছলমানসকলে ৰোজা পালন কৰি আছে। কিন্তু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত ছেমি ফাইনেলখনত ছামীয়ে এনাৰ্জি ড্ৰিংক খাই থকা দেখা গৈছিল। ছামীৰ এই ফটোখন ভাইৰেল হোৱাৰ পিছতেই বাৰেলীৰ মৌলানাসকলে অসন্তুষ্টি প্ৰকাশ কৰিছিল। সৰ্বভাৰতীয় মুছলিম জামাতৰ ৰাষ্ট্ৰীয় সভাপতি মৌলানা চাহাবুদ্দিন ৰাজৱীয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে ইছলামে ৰোজা বাধ্যতামূলক ঘোষণা কৰিছে। যদি কোনো ব্যক্তিয়ে ইচ্ছাকৃতভাৱে উপবাস নাথাকে তেন্তে তেওঁ অত্যন্ত দোষী। মহম্মদ ছামীয়ে ৰোজা ৰখা নাছিল যদিও ৰোজা ৰখাটো তেওঁৰ বাধ্যবাধকতা। ৰোজা নাৰাখি ছামীয়ে পাপ কৰিছে, গতিকে ছামী শ্বৰীয়তৰ দৃষ্টিত অপৰাধী। ছামীয়ে নিজৰ পাপৰ বাবে আল্লাহৰ ওচৰত ক্ষমা খুজিব লাগে।
এইসকলোবোৰৰ পিছত মহম্মদ ছামীৰ সমৰ্থনত থিয় দি ছামীৰ শৈশৱৰ প্ৰশিক্ষক বদৰুদ্দিন ছিদ্দিকীয়ে ক’লে- ৰোজা নৰখা বিষয়ত মহম্মদ ছামীৰ কোনো দোষ নাই, গোটেই দেশবাসী ছামীৰ লগত আছে। দেশ প্ৰথম, দেশৰ উৰ্ধত আন একো হব নোৱাৰে। আনহাতে ইছলামিক চেণ্টাৰ অৱ ইণ্ডিয়া আৰু ঈদগাহ মৌলানা মৌলানা খালিদ ৰছিদ ফিৰংগী মহলীয়ে ছামীৰ সমৰ্থনত কয় যে- ইছলামত কোৱা হোৱা নাই যে জাতীয় কৰ্তব্যত থাকিলেও ৰোজা ৰাখিব লাগিব। ইছলামত কোৱা হৈছে যে যদি আপুনি ভ্ৰমণ কৰি আছে তেন্তে আপুনি ৰোজা নাৰাখিবও পাৰে।