হাজাৰ হাজাৰ বছৰ পূৰ্বে পৃথিৱীলৈ আহিছিল নেকি এলিয়েন?

DY365
DY365
Published: December 19,2024 03:21 PM
DY365

Story highlights

হাজাৰ হাজাৰ বছৰ পূৰ্বে পৃথিৱীলৈ আহিছিল নেকি এলিয়েন?

১৯ ডিচেম্বৰ,২০২৪-  হাজাৰ হাজাৰ বছৰ পূৰ্বে পৃথিৱীলৈ আহিছিল নেকি এলিয়েন? 
এলিয়েন এনেকুৱা এটা প্ৰশ্নবোধক যাৰ বিষয়ে বহু দাবী কৰা হৈছে যদিও আজিলৈকে কোনো সুনিৰ্দিষ্ট ফলাফল পোৱা নাই। কিন্তু নতুনকৈ অহা এক তথ্যই আকৌ এবাৰ এই বিতৰ্কৰ সূচনা কৰিছে যে হাজাৰ হাজাৰ আগতে পৃথিৱীলৈ এলিয়েন আহিছিল। কাৰণ কুৱেইটত উদ্ধাৰ হৈছে সাত হাজাৰ বছৰ পুৰণি মাটিৰ মূৰ্তি। যাৰ চেহেৰা এলিয়েনৰ দৰে। এতিয়া প্ৰশ্ন উত্থাপন হয় যে সেই সময়ত এলিয়েন আহিছিল নেকি নাইবা এলিয়েনৰ ৰূপ দেখি কোনোবা মানুহে এলিয়েনৰ দৰে এই মূৰ্তিটো বনাইছিল নেকি?
কুৱেইট আৰু পোলেণ্ডৰ পুৰাতত্ত্ববিদৰ যৌথ দলে ২০০৯ চনৰ পৰা উত্তৰ কুৱেইটৰ প্ৰাগঐতিহাসিক স্থান বাহৰা ১ খনন কৰি আহিছে। খ্ৰীষ্টপূৰ্ব ৫ হাজাৰৰ পৰা ৫৫০০ চনলৈকে ই আৰব উপদ্বীপৰ আটাইতকৈ পুৰণি বসতিসমূহৰ ভিতৰত অন্যতম আছিল। ইয়াত এটা মূৰ্তি পোৱা গৈছে, যাৰ চকু হেলনীয়া, নাক সমতল আৰু মূৰৰ খুলি দীঘল।
পুৰাতত্ত্ববিদসকলৰ মতে উবাইদ লোকসকলে বাহৰা-১ত বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰে। এই সংস্কৃতিৰ উৎপত্তি মেছ’পটেমিয়াত হৈছিল। এই সংস্কৃতিৰ স্বকীয় মৃৎশিল্পৰ বাবে পৰিচিত, য’ত বিদেশী সদৃশ মূৰ্তিও অন্তৰ্ভুক্ত। দলৰ নেত্ৰী এগনিয়েস্কা শ্বিমচাকে কয় যে খ্ৰীষ্টপূৰ্ব ষষ্ঠ সহস্ৰাব্দত আৰব উপসাগৰত নৱপ্ৰস্তৰ যুগৰ লোকৰ সৈতে উবাইডসকল মিলি গৈছিল।
ইউনিভাৰ্চিটি অৱ পোলেণ্ডৰ ভূমধ্যসাগৰীয় প্ৰত্নতাত্ত্বিক কেন্দ্ৰৰ প্ৰত্নতত্ত্ববিদ শ্বিমচাকৰ উদ্ধৃতিৰে লাইভ চাইন্সে কয় যে, “এই মূৰ্তিটো আৱিষ্কাৰ কৰাটো সমগ্ৰ দলটোৰ বাবে এক ডাঙৰ ৰহস্য আছিল, কিয়নো ই বাহৰা ১ স্থানৰ পৰা খনন কৰা ১.৫ কিলোমিটাৰৰ ভিতৰত আছিল।
চিকাগো বিশ্ববিদ্যালয়ৰ মতে, উবাইদ ভাস্কৰ্য্য কেতিয়াবা টিকটিকি, সাপ বা চৰাইৰ দৰে মূৰ থকা পোৱা গৈছে, এই নতুন ভাস্কৰ্য্য বহু দিশত ভিন্ন অৰ্থৰে ভৰি আছে। বেলজিয়ামৰ গেণ্ট বিশ্ববিদ্যালয়ৰ পূবৰ পুৰাতত্ত্ববিদ অৰেলি ডেমছে কয় যে এই আৱিষ্কাৰে সামাজিক প্ৰথাৰ সৈতে জড়িত গৱেষণামূলক প্ৰশ্নসমূহ স্পষ্ট কৰাৰ সম্ভাৱনা আছে।


TWITTER

FACEBOOK