চাহ শ্ৰমিকৰ সন্তানে উচ্চ মাধ্যমিকৰ পৰীক্ষাত লাভ কৰিলে ৮৫.২ শতাংশ নম্বৰ

DY365
DY365
Published: May 10,2024 03:31 PM
DY365

Story highlights

আৰ্থিক দৈন্যতাক নেওচি ৰাজনীতি বিজ্ঞান বিষয়ত  ৯৮ সহ ৮৫.২ শতাংশ নম্বৰ লাভ চাহ বাগিচাৰ প্ৰবীনে

১০ মে' ২০২৪: যত্ন কৰিলে ৰত্ন পায় আৰু সেই কথাই প্ৰমান কৰি দেখুৱালে টিংখাঙৰ প্ৰবীণ মাঝীয়ে। পিতৃ-মাতৃয়ে চাহ বাগিচাত কাম কৰি জীৱন নিৰ্বাহৰ লগতে প্ৰবীনৰ পঢ়া-শুনাৰ খৰছো বহন কৰে।



আৰ্থিক দৈন্যতাক নেওচি ৰাজনীতি বিজ্ঞান বিষয়ত  ৯৮ সহ ৮৫.২ শতাংশ নম্বৰ লাভেৰে পিতৃ -মাতৃলৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰবীনে। পানীয়েবুৰা গাঁৱৰ আৰ্থিক ভাৱে  দুৰ্বল পৰিয়ালৰ প্ৰবীণ মাঝীৰ ফলাফলে গাঁওবাসীক আনন্দিত কৰিছে।



ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক মহলাত অধ্যয়ন কৰিবলৈ বিচৰা প্ৰবীণ মাঝীয়ে ভৱিষ্যতে এজন সুদক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখিছে। 


Related

TWITTER

FACEBOOK