২১ ডিচেম্বৰ,২০২৪- 'মুখ্যমন্ত্ৰীৰ কথা নুশুনে বিজেপিয়ে'!
ৰাজপথৰ আন্দোলনক লৈ নতুন অভিধা দিছিল অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজনৈতিক দলৰ আন্দোলনক নস্যাৎ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ আন্দোলন সন্দৰ্ভত মন্তব্য কৰি কৈছিল যে- আন্দোলন কৰিবলৈ 'ৰাজনৈতিক দল আন্দোলনকাৰী নহয়'।'ৰাজনৈতিক দলৰ আন্দোলন কেৱল নিৰ্বাচনৰ বাকচত হে'। 'ৰাজনীতি কৰা দল কেতিয়াও ছাত্ৰ নাইবা যুৱ সংগঠন হ'ব নোৱাৰে'। কিন্তু মুখ্যমন্ত্ৰী শৰ্মাই কৰা বক্তব্যৰ ২৪ ঘন্টা নৌহওঁতেই গুৱাহাটীৰ ৰাজপথত দেখিবলৈ পোৱা গ'ল বিজেপিৰ ৰাজ্যিক সভাপতিৰ নেতৃত্বত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাজপথত বিজেপি কৰ্মীৰ প্ৰতিবাদ। গুৱাহাটীত ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ ৰাজ্যিক সভাপতিৰ নেতৃত্বত হাতে হাতে বেনাৰ পোষ্টাৰ লৈ নাগালেণ্ডৰ বিজেপি সাংসদ ফাংগান কন্যাক অপমানৰ বিৰোধিতাৰে লতাশিল খেলপথাৰৰ পৰা জজ ফিল্ডলৈ বিজেপি কৰ্মীয়ে কৰিলে পদযাত্ৰা।বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হ'ল বিজেপি কৰ্মী। ৰাহুল গান্ধীসহ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ বিৰুদ্ধে দিলে প্ৰতিবাদী ধ্বনি।ৰাহুল গান্ধীয়ে মহিলা সাংসদক নিৰ্যাতন চলোৱা বুলি অভিযোগ আনি ৰাহুল গান্ধীক জে'ললৈ পঠোৱাৰ দাবী জনালে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। আনহাতে বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীৰ পিছতেই মুখ্যমন্ত্ৰীক লক্ষ্য কৰি লৈছে কংগ্ৰেছ-AIUDF দলে। মুখ্যমন্ত্ৰীক উদ্দেশ্যি উভয় দলৰ নেতাৰ মন্তব্য- 'মুখ্যমন্ত্ৰীৰ কথা নুশুনে বিজেপিয়ে'।