১৬ নৱেম্বৰ,২০২৪- অত্যধিক হাৰত চুলি সৰিছে নেকি আপোনাৰো? কেনেকৈ ৰোধ কৰিব?
বৰ্তমানৰ ব্যস্ত জীৱনশৈলীত পুৰুষ-মহিলা উভয়ৰে চুলি সৰাটো সাধাৰণ কথা। চুলি সৰাৰ কাৰণ হ’ব পাৰে পুষ্টিৰ অভাৱ, হৰম’নৰ পৰিৱৰ্তন, মানসিক চাপ, প্ৰদূষণ, ধূমপান আৰু জেনেটিক্স। এই সমস্যাৰ কোনো নিৰাময় নাই। কিন্তু আৰম্ভণিতে লক্ষণসমূহৰ যত্ন ল’লে চুলি সৰা ৰোধ কৰিব পৰা যায়। যদি আপুনিও কম বয়সতে চুলি সৰাৰ ফলত অসুবিধা পাইছে, তেন্তে আপোনাৰ জীৱনশৈলী সলনি কৰি আপুনি এই সমস্যাৰ পৰা বহু পৰিমাণে মুক্তি পাব পাৰে।
আমেৰিকাৰ ছালৰ ৰোগ বিজ্ঞানৰ অধ্যাপিকা ডাঃ চুজান মেছিকৰ মতে, কিছুমান প্ৰকাৰৰ চিকিৎসাই চুলি সৰা প্ৰক্ৰিয়াটো লেহেমীয়া কৰাত সহায় কৰিব পাৰে আৰু চুলি পুনৰ গজাত সহায় কৰিব পাৰে। প্ৰটিন আৰু আইৰণেৰে সমৃদ্ধ সুষম খাদ্যই এই সমস্যাৰ পৰা মুক্তি পোৱাত বহুখিনি সহায় কৰিব পাৰে। মানসিক চাপ আৰু এলোপেচিয়া এৰিয়েটা নামৰ অটোইম্যুন ৰোগৰ ফলতো চুলি সৰিব পাৰে।
চুলি সৰা নিয়ন্ত্ৰণ কৰিবলৈ আপুনি কেইবাটাও পদ্ধতি গ্ৰহণ কৰিব পাৰে-
জীৱনশৈলীৰ পৰিৱৰ্তনঃ
মানসিক চাপ কম কৰিবলৈ যোগাসন, ধ্যান বা গভীৰ উশাহ-নিশাহৰ ব্যায়াম কৰক। পৰ্যাপ্ত পৰিমাণে টোপনি লওক আৰু হাইড্ৰেটেড হৈ থাকক।
খাদ্য আৰু পানীয়ঃ
প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু কম চৰ্বিযুক্ত খাদ্য গ্ৰহণ কৰক। ভিটামিন বি ৭ (বায়’টিন)ৰ অভাৱত চুলি সৰিব পাৰে, গতিকে কণী, বাদাম আৰু পাতল সেউজীয়া আদি খাদ্য খাব লাগে।
তেলৰ মালিচঃ
নাৰিকল, আলমণ্ড, অলিভ, কেষ্টাৰ, বা আমলা আদি তেলেৰে মূৰৰ ছাল মালিচ কৰক। ইয়াৰ ফলত মূৰৰ ছালৰ ৰক্ত সঞ্চালন বৃদ্ধি পায় আৰু চুলিৰ শিপা শক্তিশালী হয়।
ঘৰুৱা উপায়ঃ
মেথি গুটি, পিয়াজৰ ৰস, নেমু আৰু কল আদি ঘৰুৱা উপায়েৰেও চুলি সৰা কম কৰিব পাৰি।
এইকেইটা উপায় অৱলম্বন কৰি আপুনি কিছু পৰিমানে হলেও চুলি সৰা ৰোধ কৰিব পাৰে।