৯ জানুৱাৰী ২০২৫- AIয়ে সমাধান কৰিলে ১৯ বছৰীয়া পুৰণি ট্ৰিপল মাৰ্ডাৰৰ গোচৰ
বৰ্তমান ডিজিটেল প্ৰযুক্তিৰ যুগ। প্ৰায় দুটা দশক ধৰি আৰক্ষীয়ে সমাধান কৰিব নোৱাৰা গোচৰ সমাধান কৰি দেখুৱালে AIয়ে। কেৰালা আৰক্ষীয়ে AIৰ সহায়ত সমাধান কৰিলে ১৯ বছৰীয়া ট্ৰিপল মাৰ্ডাৰৰ এটি পুৰণি গোচৰ। ২০০৬ চনৰ ফেব্ৰুৱাৰী মাহত কেৰালাত এগৰাকী মহিলা আৰু তেওঁৰ ১৭ দিনীয়া দুই যমজ সন্তানক হত্যা কৰা হৈছিল। কেৰালা আৰক্ষীয়ে প্ৰাথমিত তদন্ত আৰম্ভ কৰি পাঠানকোট সামৰিক ঘাটিত নিয়োজিত দিব্য কুমাৰ আৰু ৰাজেশ নামৰ দুজন সেনা জোৱানৰ ওপৰত সন্দেহ কৰিছিল। কিন্তু নিজৰ প্ৰকৃত পৰিচয় লুকুৱাই আত্মগোপন কৰি থকাৰ বাবে আৰক্ষীয়ে সেনা জোৱান দুজনক বিচাৰি উলিয়াব পৰা নাছিল। যাৰ ফলত বিগত দুটা দশক ধৰি গোচৰটো সমাধান নোহোৱাকৈয়ে আছিল।
কিন্তু ৪ জানুৱাৰীত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ভুৱা পৰিচয়ৰে বাস কৰি অহা এই লোক দুজনক পুডুচেৰীত গ্ৰেপ্তাৰ কৰে। কেৰালা আৰক্ষীয়ে AIৰ সহায়ত এই হত্যাকাণ্ডৰ গোচৰ সমাধান কৰা বুলি এতিয়া দাবী কৰিছে।
কেৰেলাৰ ADGP (আইন আৰু শৃংখলা) মনোজ আব্ৰাহামে জনোৱা অনুসৰি, “চোৰাংচোৱা দলে AIৰ ব্যৱহাৰ কৰি দীৰ্ঘদিনীয়া এই গোচৰটো পুনৰ চোৱাচিতা কৰিছিল। চুলিৰ ষ্টাইল আৰু মুখৰ বৈশিষ্ট্যৰ দৰে পৰিৱৰ্তনক কাৰক হিচাপে লৈ সন্দেহযুক্ত লোকসকলৰ পুৰণি ফটোসমূহ ডিজিটেলভাৱে বয়সীয়াল কৰি তেওঁলোকৰ বৰ্তমানৰ চেহেৰাৰ ভৱিষ্যদ্বাণী কৰা হৈছিল। তাৰ পিছত এই AI-জেনেৰেটেড ছবিবোৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ফটোৰ সৈতে ক্ৰছ ৰেফাৰেন্স কৰা হৈছিল। এটা AI ছবিৰ সৈতে ফেচবুকত পোৱা ফটো এখনৰ ৯০ শতাংশ মিল আছিল। এই মিলসমূহৰ দ্বাৰাই প্ৰাক্তন সেনা জোৱান দুজনক চিনাক্ত কৰা হৈছিল