বিহুৰ পিছত আজি ইতিহাস ৰচিব ঝুমইৰ নৃত্যই

DY365
DY365
Published: February 24,2025 12:26 PM
DY365

Story highlights

বিহুৰ পিছত আজি ইতিহাস ৰচিব ঝুমইৰ নৃত্যই

২৪ ফেব্ৰুৱাৰী ২০২৫-   বিহুৰ পিছত আজি ইতিহাস ৰচিব ঝুমইৰ নৃত্যই



পুনৰ এবাৰ ইতিহাস ৰচিবলৈ সাজু সৰুসজাই ষ্টেডিয়াম। সৰুসজাই ষ্টেডিয়ামত আজি ইতিহাস ৰচিব ঝুমইৰ নৃত্যই। এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উপস্থিত থাকিব কেইবাখনো দেশৰ প্ৰতিনিধি। ৬ বজাৰ লগে লগে  ৮,৮৮৮ গৰাকী শিল্পীয়ে একেলগে ঝুমইৰ প্ৰদৰ্শন কৰি গঢ়িব বিশ্ব অভিলেখ,সৰুসজাইত আজি অনুষ্ঠিত হ'ব 'ঝুমইৰ বিনন্দীয়া' শীৰ্ষক অনুষ্ঠান।



জানিব পৰা মতে, ঝুমইৰ বিনন্দিনী অনুষ্ঠানত মুঠ ২৭ খন জিলাৰ  ৯,৬৪৮গৰাকী নৃত্যশিল্পীয়ে অংশ গ্ৰহণ কৰিব।  ইয়াৰে মহিলা নৃত্যশিল্পী ৫৩৯৯গৰাকী, পুৰুষ নৃত্যশিল্পী ২,১৭৫গৰাকী আৰু বাদ্যশিল্পী হিচাপে থাকিব ২,০৭৪গৰাকী।  মুঠ ১৬ মিনিট ৩২ ছেকেণ্ডৰ হ’ব এই অনুষ্ঠান । আজি সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানৰ বাবে দৰ্শকসকলে ৩ বজাৰ আগতে সৰুসজাই ষ্টেডিয়ামত হাজিৰ হ’ব লাগিব। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰা প্ৰতিগৰাকী শিল্পীকে ২৫,০০০ কৈ টকা আগবঢ়োৱা হ'ব।



উল্লেখ্য যে, আজিৰ এই অনুষ্ঠানে বিশ্ব ৰেকৰ্ড গঢ়িব। কিয়নো ইয়াৰ পূৰ্বে কেতিয়াও ইমান সংখ্যক নৃত্যশিল্পীয়ে একেলগে ঝুমইৰ নৃত্য পৰিৱেশন কৰা নাছিল। গতিকে পুনৰ এবাৰ বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সাজু হৈছে ৰাজ্যবাসী।


Related

TWITTER

FACEBOOK