এখন গাঁও, য'ত প্ৰযোজ্য নহয় দেশৰ সংবিধান

DY365
DY365
Published: November 14,2024 01:14 PM
DY365

Story highlights

এখন গাঁও, য'ত প্ৰযোজ্য নহয় দেশৰ সংবিধান

১৪ নৱেম্বৰ,২০২৪-  এখন গাঁও, য'ত প্ৰযোজ্য নহয় দেশৰ সংবিধান 



প্ৰতিখন দেশৰেই নিজস্ব সংবিধান আৰু আইন আছে, এই সংবিধান অনুযায়ী দেশখন পৰিচালিত হয়। কিন্তু এখন গাঁও আছে যিখন গাঁৱত দেশৰ সংবিধান প্ৰযোজ্য নহয়। এই গাঁওখনৰ নিজা সংবিধান আৰু নিজা নিয়ম-নীতি আছে। এই গাঁওখন নিজৰ অনন্য পৰিচয় আৰু আইনৰ বাবে জনাজাত। অৱশ্যে ইয়াত থকা নিয়ম-নীতিবোৰ অতি কঠোৰ আৰু ইয়াত বসবাস কৰা লোকসকলে সেইবোৰ মানি চলিব লগা হয়। এই গাঁওখন হৈছে চুবুৰীয়া দেশ পাকিস্তানৰ আনছাৰ মীনা গাঁও। পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত অৱস্থিত আনছাৰ মীৰা এখন সৰু গাঁও। অনন্য প্ৰশাসন আৰু কঠোৰ আইনৰ বাবে এই গাঁওখন সদায় বাতৰিৰ শিৰোনামত থাকে। গাঁওখনৰ জনসাধাৰণৰ জীৱনৰ প্ৰতিটো দিশ এখন বিশেষ সংবিধানে নিয়ন্ত্ৰণ কৰে, যিখন সংবিধান সম্পূৰ্ণৰূপে স্থানীয় গাঁৱৰ নেতাই সৃষ্টি আৰু বলবৎ কৰে। এইটো এক প্ৰকাৰৰ আত্মশাসন, য’ত ৰাজ্য বা চৰকাৰৰ কোনো হস্তক্ষেপ নাথাকে। গাঁৱৰ মানুহে নিজৰ সংবিধান অনুযায়ী নিজৰ অৰ্থনৈতিক কাম-কাজ, সামাজিক গাঁথনি, সাংস্কৃতিক পৰম্পৰা চলায়। ইয়াৰ বাহিৰেও গাঁওখনত বসবাস কৰা লোকসকলে ইয়াত থকা কঠোৰ আইন মানি চলে, যিবোৰ তেওঁলোকৰ বাবে নিৰাপত্তা আৰু শান্তিৰ প্ৰতীক। 
আনছাৰ মীনা গাঁৱত যৌতুক ব্যৱস্থা, আকাশী গুলীচালনা, ১৪ বছৰৰ তলৰ শিশুক মটৰ চাইকেল চলাবলৈ নিদিয়া, ছাত্ৰ-ছাত্ৰীৰ ম’বাইল ফোন ব্যৱহাৰত নিষেধাজ্ঞা আদিকে ধৰি ২০ দফীয়া সংবিধান ৰূপায়ণ কৰা হৈছে। গাঁৱৰ সকলো মানুহেই এই নিয়মবোৰ মানি চলে। আনহাতে কোনো অচিনাকি মানুহে এই গাঁৱখনত প্ৰৱেশ কৰিব নোৱাৰে।


Related