২২ ডিচেম্বৰ,২০২৪- ৩টা বিশেষ উপায়েৰে নিয়ন্ত্ৰণ কৰক ইউৰিক এচিড
ইউৰিক এচিডৰ কাৰণ হৈছে দুৰ্বল জীৱনশৈলী আৰু খাদ্যাভ্যাস। শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হ’লে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে। যদি শৰীৰত বৃহৎ পৰিমাণে ইউৰিক এচিড উৎপন্ন হয় তেন্তে যকৃতে সঠিকভাৱে ফিল্টাৰ কৰিব নোৱাৰে আৰু তেজত ইউৰিক এচিডৰ মাত্ৰা যথেষ্ট বৃদ্ধি পায়। হোমিঅ’পেথিক বিশেষজ্ঞ ডাঃ দীক্ষা কাটিয়াৰে কয় যে কেতিয়াবা পিউৰিন বেছি থকা খাদ্য খালে শৰীৰত ইউৰিক এচিডৰ পৰিমান বৃদ্ধি পায়। ইয়াৰ বাবে মেদবহুলতা, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। শীতকালত যিসকলৰ ইউৰিক এচিড বৃদ্ধি পায় তেওঁলোকৰ গাঁঠিত বিষ হ’বলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত সঠিক খাদ্যাভ্যাসৰ লগতে জীৱনশৈলী মানি চলাটো জৰুৰী।
শীতকালত ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিবলৈ বিশেষজ্ঞই দিছে ৩টা টিপছ-
আপোনাৰ খাদ্যাভ্যাস উন্নত কৰক-
ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত আপোনাৰ খাদ্যাভ্যাসে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এনে পৰিস্থিতিত যিবোৰ বস্তুত পিউৰিনৰ পৰিমাণ বেছি থাকে সেইবোৰ বস্তু নাখাব। ফল-মূল, শাক-পাচলি, গোটা শস্য আৰু দালিৰ উপৰিও খাদ্যত ভিটামিন চি থকা বস্তু অন্তৰ্ভুক্ত কৰক। শীতকালত এইবোৰ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব আৰু ইউৰিক এচিডো নিয়ন্ত্ৰণত থাকিব। প্ৰতি নিশা শুই উঠাৰ আগতে এগিলাচ গাখীৰ খালেও ইউৰিক এচিড বৃদ্ধি পোৱাত সকাহ পোৱা যায়।
নিজকে হাইড্ৰেটেড কৰি ৰাখক-
ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। পানী খোৱাটোৱে শৰীৰৰ পৰা অতিৰিক্ত ইউৰিক এচিড আঁতৰোৱাত সহায় কৰে। দৈনিক কমেও ৮-১০ গিলাচ পানী খোৱাৰ লক্ষ্য ৰাখক। লগতে আদা আৰু গ্ৰীণ টিৰ দৰে বনৌষধি চাহে প্ৰাকৃতিকভাৱে বিষমুক্ত কৰাত সহায় কৰে আৰু ইউৰিক এচিড নিয়ন্ত্ৰণত সহায় কৰে।
জীৱনশৈলী সলনি কৰক-
জীৱনশৈলীত সৰু সৰু পৰিৱৰ্তন কৰিও ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিব পাৰি। নিয়মিতভাৱে ব্যায়াম কৰক। ইয়াৰ বাবে ইউৰিক এচিড শৰীৰত জমা নহয়। ইয়াৰ উপৰিও নূন্যতম মানসিক চাপ লোৱা উচিত।
বিশেষজ্ঞসকলে কয় যে সময়ে সময়ে ইউৰিক এচিড পৰীক্ষা কৰাব লাগে। যিসকল লোকৰ ইতিমধ্যে ইউৰিক এচিড বৃদ্ধিৰ সমস্যা আছে তেওঁলোকেও চিকিৎসকৰ পৰা পৰীক্ষা কৰাব লাগে।