ভয়ংকৰ নাও দুৰ্ঘটনাত ১১ জনৰ মৃত্যু

DY365
DY365
Published: March 1,2025 04:56 PM
DY365

Story highlights

ভয়ংকৰ নাও দুৰ্ঘটনাত ১১ জনৰ মৃত্যু

১ মাৰ্চ, ২০২৫- ভয়ংকৰ নাও দুৰ্ঘটনাত ১১ জনৰ মৃত্যু
 



চীনৰ হুনান প্ৰদেশত এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে। তথ্য অনুসৰি মঙলবাৰে দক্ষিণ চীনৰ এখন নদীত তেল নিৰ্গত হোৱা চাফাই জাহাজ আৰু এখন নাওৰ মাজত হোৱা সংঘৰ্ষত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে এই দুৰ্ঘটনাত ৫জন লোক বৰ্তমানপৰ্যন্ত সন্ধানহীন হৈ আছে। শুকুৰবাৰে নিশা চৰকাৰী সংবাদ মাধ্যমে এই ঘটনা সন্দৰ্ভত তথ্য প্ৰদান কৰে। 



সংবাদ সংস্থা ছিনহুয়াৰ মতে, মঙলবাৰে পুৱা হুনান প্ৰদেশত সংঘটিত হয় এই দুৰ্ঘটনা। য’ত এখন জাহাজে ইউয়ানছুই নদীত এখন সৰু নাওত খুন্দা মাৰে। সংঘৰ্ষ সংঘটিত হোৱাৰ লগে লগে ১৯ জন লোক পানীত বাগৰি পৰে। ইয়াৰে তিনিজনক উদ্ধাৰ কৰা হয় যদিও এই দুৰ্ঘটনাত  ১১ জন লোকৰ মৃত্যু হয়। আনহাতে পাঁচজন লোক এতিয়াও সন্ধানহীন হৈ আছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নদীখনৰ গড়ে ৬০ মিটাৰ (২০০ ফুট)তকৈ অধিক দ আৰু ৫০০ মিটাৰ অৰ্থাৎ ১৬০০ ফুট বহল ঠাইত এই দুৰ্ঘটনা সংঘটিত হয়। সম্প্ৰতি নিৰুদ্দেশ হোৱা লোকসকলৰ সন্ধান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে।


Related

TWITTER

FACEBOOK