সাৱধান! মূহুৰ্ততে সৰ্বস্বান্ত হ'ব পাৰে আপুনি

DY365
DY365
Published: December 17,2024 06:54 PM
DY365

Story highlights

সাৱধান! মূহুৰ্ততে সৰ্বস্বান্ত হ'ব পাৰে আপুনি

১৭ ডিচেম্বৰ,২০২৪-  সাৱধান! মূহুৰ্ততে সৰ্বস্বান্ত হ'ব পাৰে আপুনি  
গুৱাহাটীৰ ঘূৰি ফুৰিছে এতিয়া নটৱাৰলাল। কোন মূহুৰ্তত নটৱাৰলালে আপোনাক লুটি পুটি সৰ্বস্বান্ত কৰিব আপুনি নিজেই গম নাপাব। গুৱাহাটীৰ অলিয়ে-গলিয়ে পিয়াপি দি ফুৰিছে এই নটৱাৰলাল কোম্পানী। সাৱধান নহ'লে নটৱাৰলাল কোম্পানীৰ পৰৱৰ্তী লক্ষ্য হ'ব পাৰে আপুনি। ৰাজ্যত চলি আছে এটা ভয়ংকৰ নেক্সাচ,য'ত সোমাই আছে গাড়ীৰ ডিলাৰ, Insurance company ৰ লগতে গুৱাহাটী আৰু মণিপুৰৰ এটা গেঙ। এই গেং টোৰ টাৰ্গেত সহজ-সৰল, হোজা, দুখীয়া-দৰিদ্ৰ লোকসকল। প্ৰথমে এই গেঙটোৱে দুখীয়া দৰিদ্ৰ লোকক সহায় কৰি বন্ধুত্ব স্থাপন কৰে। তাৰপিছত কাৰোবাক লোন দিম বুলি Document লৈ , আন কাৰোবাক আকৌ গাড়ী কিনাৰ প্ৰলোভন দি লুটি পুটি অন্তৰ্ধান হয়। কেৱল এয়াই নহয় এই গেঙটোৰ Scam কৰাৰ কৌশলো পৃথক পৃথক। এই সমগ্ৰ নেক্সাচটোত Jhantu Saha নামৰ এজন ব্যক্তিৰ লগতে ব্যক্তিজনৰ পৰিয়ালৰ লোক, যোৰাবাটৰ এটা ডিলাৰ আৰু সেই ডিলাৰৰ sales boy , Insurance company, মনিপুৰৰ এটা গেং আৰু অসমৰ বহু কেইজন লোক জড়িত থকাৰ সন্দেহ ব্যক্ত কৰা হৈছে। 
উল্লেখ্য যে লালগণেশত ভাড়াত থকা Jhantu Saha ৰ বিৰুদ্ধে ইতিমধ্যেই ফটাশিল থানাত ইজনৰ পিছত সিজন ভুক্তভোগীয়ে এজাহাৰ দিছে যদিও এইপৰ্যন্ত মহানগৰীৰ স্মাৰ্ট আৰক্ষীৰ ভূমিকা কিন্তু ৰহস্যৰ আৱৰ্তত।


TWITTER

FACEBOOK