৫ ডিচেম্বৰ,২০২৪- বিশ্ব অভিলেখ, ২০ অভাৰত সংগ্ৰহ ৩৪৯ ৰাণ
টি-২০ ক্ৰিকেটত বিশ্ব অভিলেখ বৰোদা দলৰ। BCCIৰ ঘৰুৱা টুৰ্ণামেণ্ট চৈয়দ মুস্তাক আলী ট্ৰফীত টি-২০ ক্ৰিকেট ইতিহাসৰ সৰ্বাধিক স্ক’ৰৰ অভিলেখ গঢ়িলে বৰোদাই। চলিত মুস্তাক আলী ট্ৰফীত ছিকিমৰ বিৰুদ্ধে খেলা খেলখনত নিৰ্ধাৰিত ২০ অভাৰত বৰোদাই ৫ উইকেট হেৰুৱাই সংগ্ৰহ কৰিলে পৰ্বতসদৃশ ৩৪৯ ৰান। বৰোদাৰ ৩৪৯ ৰানৰ ইনিংছটোত আছিল ৩৭টা ছয়, যি আন এক অভিলেখ। বৰোদাৰ ভানু পানিয়াই ৫১টা বলত ১৩৪ ৰাণৰ বিস্ফোৰক ইনিংছেৰে অপৰাজিত হৈ ৰয়। পানিয়াৰ বিস্ফোৰক ইনিংছটোত আছিল ১৫টা ছয় আৰু ৫টা চাৰি। আনহাতে শিৱলিক শৰ্মাই ১৭টা বলত ৫৫, অভিমন্যু সিঙে ১৭টা বলত ৫৩ আৰু বিষ্ণু সোলাংকিয়ে ১৬ টা বলত ৫০ ৰাণৰ অৰিহণা আগবঢ়ায়। প্ৰত্যুত্তৰত ৩৫০ ৰাণৰ বিজয়লক্ষ্যৰে বেটিং কৰিবলৈ অহা ছিকিমে নিৰ্ধাৰিত ২০ অভাৰত ৮৬ ৰাণহে সংগ্ৰহ কৰি ২৬৩ ৰাণৰ বৃহৎ ব্যৱধানত পৰাজয়বৰণ কৰে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে টি-২০ ক্ৰিকেটত সৰ্বাধিক স্ক’ৰৰ অভিলেখ আছিল জিম্বাবুৱেৰ নামত। চলিত বৰ্ষৰ অক্টোবৰ মাহত গাম্বিয়াৰ বিৰুদ্ধে জিম্বাবুৱে সংগ্ৰহ কৰিছিল ৩৪৪ ৰান।