অন্ত পৰিব নেকি বাবৰ আজমৰ ক্ৰিকেট কেৰিয়াৰ?

DY365
DY365
Published: October 2,2024 06:16 PM
DY365

Story highlights

অন্ত পৰিব নেকি বাবৰ আজমৰ ক্ৰিকেট কেৰিয়াৰ?

২ অক্টোবৰ,২০২৪-  অন্ত পৰিব নেকি বাবৰ আজমৰ ক্ৰিকেট কেৰিয়াৰ?




পাকিস্তান ক্ৰিকেট দলৰ অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি ললে বাবৰ আজমে। ''অধিনায়কৰ দায়িত্বই অধিক বোজা দিয়ে, এতিয়াৰে পৰা নিজৰ প্ৰদৰ্শনত গুৰুত্ব দিম''-সামাজিক মাধ্যমত এনেদৰে মন্তব্য কৰি অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ কথা জনালে বাবৰে। ২০২৩ চনৰ এদিনীয়া বিশ্বকাপত পাকিস্তান ক্ৰিকেট দলৰ শোচনীয় প্ৰদৰ্শনৰ পিছতেই বাবৰ আজমে অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি লৈছিল যদিও পাকিস্থান ক্ৰিকেট বৰ্ডে ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পূৰ্বেই পুনৰ বাবৰ আজমৰ কান্ধতেই পাকিস্তান ক্ৰিকেট দলৰ দায়িত্ব অৰ্পন কৰিছিল। কিন্ত শোচনীয় প্ৰদৰ্শনেৰে টি-২০ বিশ্বকাপত গ্ৰুপ ষ্টেজৰ পৰাই বাহিৰ হৈছিল পাকিস্থান। তাৰ পিছতেই দেশজুৰি সমালোচিত হৈছিল বাবৰ। আনকি একাংশ প্ৰাক্তন ক্ৰিকেটাৰে বাবৰ আজমক সমালোচনা কৰি পাকিস্থান ক্ৰিকেট দলৰ পৰা বাহিৰ কৰি দিয়াৰ কথাও মুকলিকৈ কৈছিল। ইয়াৰ পিছতেই সোমবাৰে পাকিস্তান ক্ৰিকেট দলৰ অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি ললে বাবৰে। উল্লেখ্য যে বাবৰ আজমৰ নেতৃত্বত প্ৰতিটো আইচিচি টুৰ্ণামেণ্টতে ধাৰাবাহিকবাৱে ব্যৰ্থ হৈছে পাকিস্থান ক্ৰিকেট দল। বাবৰ আজমৰ পদত্যাগৰ পিছত পাকিস্তান ক্ৰিকেট বৰ্ডে মহম্মদ ৰিজৱানক অধিনায়কৰ দায়িত্ব অৰ্পন কৰিব পাৰে।


Related

TWITTER

FACEBOOK