গৃহভূমিত হোৱাইটৱাশ্ব, নিৰ্লজ্জ আত্মসমৰ্পন টীম ইণ্ডিয়াৰ

DY365
DY365
Published: November 3,2024 04:42 PM
DY365

Story highlights


গৃহভূমিত হোৱাইটৱাশ্ব, নিৰ্লজ্জ আত্মসমৰ্পন টীম ইণ্ডিয়াৰ


৩ নৱেম্বৰ, ২০২৪-  গৃহভূমিত হোৱাইটৱাশ্ব, নিৰ্লজ্জ আত্মসমৰ্পন টীম ইণ্ডিয়াৰ



বেংগালুৰু আৰু পুনে টেষ্টত ধৰাশায়ী হোৱাৰ পিছত ৱানখেড়েৰ তৃতীয় টেষ্টতো কিৱিৰ স্পীন ঘূৰ্ণীত তাচপাতৰ দৰে খহি পৰিল ভাৰতীয় দলৰ বেটিং লাইনআপ। ২৪ বছৰৰ পিছত ঘৰৰ মাটিত ক্লীন ছুইপৰ সন্মুখীন হ'ল ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়া।দ্বিতীয় ইনিংছত ১৪৭ ৰাণৰ বিজয়লক্ষ্যৰে বেটিং আৰম্ভ কৰি ১২১ ৰাণতে আটাইকেইটা উইকেট হেৰুৱাই নিউজীলেণ্ডৰ হাতত লজ্জাজনক পৰাজয়ৰ সম্মুখীন হ'ল টীম ইণ্ডিয়া।দুয়োটা ইনিংছতে ধাৰাবাহিকভাৱে ব্যৰ্থ অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলী।দ্বিতীয় ইনিংছত টীম ইণ্ডিয়াৰ ৮ গৰাকীকৈ খেলুৱৈয়ে দহকৰ ঘৰ স্পৰ্শ কৰিবলৈ সক্ষম নহ'ল। প্ৰথম ইনিংছত অৰ্ধশতক সংগ্ৰহ কৰা ঋষভ পণ্টে দ্বিতীয় ইনিংছতো মাৰমুখী ৬৪ ৰাণৰ ইনিংছেৰে কিছু আশা সজীৱ কৰিছিল যদিও টীম ইণ্ডিয়াক বিজয়লক্ষ্যত উপনীত কৰিব নোৱাৰিলে। নিউজীলেণ্ডৰ হৈ প্ৰথম ইনিংছত ৫টা উইকেট দখল কৰা এজাজ পেটেলে দ্বিতীয় ইনিংছতো দখল কৰে ৬টাকৈ উইকেট। 
উল্লেখ্য যে গৃহভূমিত ৩খন মেচৰ টেষ্ট শৃংখলাত প্ৰথমবাৰলৈ হোৱাইটৱাশ্বৰ সন্মুখীন ভাৰতীয় দল। শেষবাৰৰ বাবে ২০০০ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাত হোৱাইটৱাশ্বৰ সন্মুখীন হৈছিল ভাৰতীয় দল।


TWITTER

FACEBOOK