পুনৰ অধিনায়কৰ দায়িত্বত বিৰাট কোহলী !

DY365
DY365
Published: October 30,2024 06:18 PM
DY365

Story highlights

পুনৰ অধিনায়কৰ দায়িত্বত বিৰাট কোহলী !

৩০ অক্টোবৰ,২০২৪-   পুনৰ অধিনায়কৰ দায়িত্বত বিৰাট কোহলী !



পুনৰ অধিনায়কৰ দায়িত্ব ল'ব পাৰে প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে। আগন্তুক আইপিএল চিজনত বিৰাট কোহলীয়ে পুনৰবাৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলৰ অধিনায়কৰ দায়িত্ব চম্ভালিব পাৰে। বিৰাট কোহলীৰ অধিনায়কত্ব সন্দৰ্ভত ESPN-Cricinfoৰ এটা ভিডিঅ’ত দাবী কৰা হৈছে যে বিৰাট কোহলীয়ে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB)ৰ মেনেজমেণ্টৰ সম্মুখত পুনৰবাৰ দলৰ অধিনায়কত্বৰ দায়িত্বৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে। ২০১৩ চনত বিৰাট কোহলীয়ে আৰচিবিৰ অধিনায়কত্ব লাভ কৰিছিল, তেতিয়াৰ পৰাই কোহলীয়ে পৰৱৰ্তী ৯টা চিজন দলৰ অধিনায়কৰ দায়িত্বত আছিল। অৱশ্যে ২০২১ বৰ্ষৰ IPL ছিজনৰ পিছতেই বিৰাট কোহলীয়ে আৰচিবিৰ অধিনায়কত্ব ত্যাগ কৰিছিল। কোহলীৰ অধিনায়কত্বত আৰচিবিয়ে ২০১৬ চনত আইপিএলৰ ফাইনেলত প্ৰৱেশ কৰিছিল, য’ত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হৈছিল। অৱশ্যে নৱেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া মেগা নিলামৰ পিছতহে গম পোৱা যাব এই দাবী সঁচা নে মিছা। 
উল্লেখ্য যে বিৰাট কোহলীৰ অধিনায়কত্বত আৰচিবিয়ে ১৪৩খন মেচৰ ৬৬খন খেলত জয়ী হোৱাৰ পৰিৱৰ্তে পৰাজিত হৈছিল ৭০খন মেচত। বিৰাট কোহলীয়ে অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ পিছত ফাফ ডু প্লেছিছক আৰচিবি দলৰ অধিনায়কত্বৰ দায়িত্ব অৰ্পন কৰা হৈছিল। ডু প্লেছিছৰ অধিনায়কত্বত ২০২২ আৰু ২০২৪ চনত আৰচিবিয়ে প্লে অফত প্ৰৱেশ কৰিছিল।কিন্তু বেংগালুৰুৱে পৰৱৰ্তী ছিজনৰ বাবে ডুপ্লেছিছক দলত ধৰি ৰখাৰ সম্ভাৱনা অতি ক্ষীণ।সেয়ে আৰচিবি মেনেজমেণ্টে বিকল্প অধিনায়কৰ চিন্তা-চৰ্চা কৰিছে বুলিও অহৰহ দাবী কৰা হৈছে।ঠিক এনে সময়তে ESPN-Cricinfo য়ে দাবী কৰিছে যে বিৰাট কোহলীয়ে পুনৰবাৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলৰ অধিনায়কত্বৰ দায়িত্ব লবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। 
 



 


TWITTER

FACEBOOK