১৩ বছৰৰ অন্তত ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন বিৰাট কোহলীৰ

DY365
DY365
Published: January 30,2025 03:24 PM
DY365

Story highlights

১৩ বছৰৰ অন্তত ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন বিৰাট কোহলীৰ

৩০ জানুৱাৰী ২০২৫-  ১৩ বছৰৰ অন্তত ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন বিৰাট কোহলীৰ 



সুদীৰ্ঘ ১৩ বছৰৰ অন্তত BCCIৰ ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটিল টীম ইণ্ডিয়াৰ তাৰকা খেলুৱৈ বিৰাট কোহলীৰ। দিল্লী আৰু ৰে’লৱেৰ মাজত আজিৰে পৰা আৰম্ভ হোৱা ৰঞ্জী ট্ৰফীৰ মেচখনত ঘৰুৱা দল দিল্লীৰ হৈ খেলপথাৰত নামিল টীম ইণ্ডিয়াৰ তাৰকাগৰাকী। ক'ব লাগিব যে ঘৰুৱা ক্ৰিকেটত বিৰাট কোহলীৰ হঠাৎ প্ৰত্যাৱৰ্তনৰ মূল কাৰণ হৈছে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত বিৰাট কোহলীৰ শেহতীয়া দুৰ্বল প্ৰদৰ্শন। ২০২৪-২৫ চনৰ বৰ্ডাৰ গাভাস্কাৰ টেষ্ট শৃংখলাত ৫খন মেচত কোহলীয়ে সংগ্ৰহ কৰিছিল মাত্ৰ ৩৯০ ৰান। ইয়াৰ পিছত অহৰহ ট্ৰলিঙৰ সন্মুখীন হ’বলগীয়া হৈছিল বিৰাট কোহলী। আনকি কিছুমানে কোহলীৰ কেৰিয়াৰক লৈও প্ৰশ্ন উত্থাপন কৰিছিল আৰু আনকি অৱসৰৰ লোৱাৰ কথাও কৈছিল। কিন্তু, এতিয়া কোহলীয়ে ঘৰুৱা দল দিল্লীৰ হৈ খেলপথাৰত নামি ফৰ্মলৈ ঘূৰি অহাৰ ইংগিত দিছে। উল্লেখ্য যে কোহলীয়ে শেষবাৰৰ বাবে ২০১২ চনত উত্তৰ প্ৰদেশৰ বিৰুদ্ধে অন্তিমখন ৰঞ্জী মেচ খেলিছিল।


Related

TWITTER

FACEBOOK