এয়া "যুগ যুগৰ যুদ্ধ"। অষ্ট্ৰেলিয়াৰ সংবাদমাধ্যমৰ প্ৰথম পৃষ্ঠাত কোহলী।

DY365
DY365
Published: November 16,2024 07:40 PM
DY365

Story highlights

এয়া "যুগ যুগৰ যুদ্ধ"। অষ্ট্ৰেলিয়াৰ সংবাদমাধ্যমৰ প্ৰথম পৃষ্ঠাত কোহলী।

১৬ নৱেম্বৰ,২০২৪-  এয়া "যুগ যুগৰ যুদ্ধ"। অষ্ট্ৰেলিয়াৰ সংবাদমাধ্যমৰ প্ৰথম পৃষ্ঠাত কোহলী।   



বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে বিৰাট কোহলীয়ে অষ্ট্ৰেলিয়াত উপস্থিত হোৱাৰ পিছতেই বিৰাট জ্বৰত আক্ৰান্ত হৈ পৰিছে অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যম। অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমৰ এতিয়া চৰ্চাৰ বিষয় বিৰাট কোহলী। ডেইলী টেলিগ্ৰাফে বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত কোহলীৰ এখন বৃহৎ ফটো প্ৰকাশ কৰি হিন্দী শিৰোনাম লিখিছে “যুগৰ যুদ্ধ”। বিৰাট কোহলী লগতে অষ্ট্ৰেলিয়াৰ বাতৰি কাকতত প্ৰকাশ পাইছে ঋষভ পণ্ট আৰু যশস্বী জয়ছৱালৰ কাহিনী। বীৰেন্দ্ৰ ছেহৱাগৰ পিছতেই জয়ছৱালক ভাৰতৰ আটাইতকৈ বিস্ফোৰক অ’পেনাৰ বুলি অভিহিত কৰিছে ডেইলী টেলিগ্ৰাফে। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ খেলসমূহ-
প্ৰথম টেষ্ট: ২২–২৬ নৱেম্বৰ: পাৰ্থ ষ্টেডিয়াম
দ্বিতীয় টেষ্ট: ৬-১০ ডিচেম্বৰ: এডিলেইড অভাল
তৃতীয় টেষ্ট: ১৪-১৮ ডিচেম্বৰ: দ্য গাব্বা, ব্রিজবেন
চতুৰ্থ টেষ্ট: ২৬-৩০ ডিচেম্বৰ: এম চি জি, মেলবৰ্ণ
পঞ্চম টেষ্ট: ৩-৭ জানুৱাৰী: এছ চি জি, ছিডনী   
উল্লেখ্য যে টেষ্ট ক্ৰিকেটৰ অন্যতম “বৃহৎ প্ৰতিদ্বন্দ্বিতা” বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী অন্তিমবাৰলৈ কেংগাৰুবাহিনীয়ে জয় কৰিছিল ২০১৪-১৫ চিজনত। আনহাতে ঘৰুৱা মাটিতেই ভাৰতৰ হাতত অষ্ট্ৰেলিয়াই একেৰাহে দুটাকৈ শৃংখলাত পৰাস্ত হৈছে। এইবাৰ ঘৰুৱা মাটিত পেট কামিন্স বাহিনীয়ে বৰ্ডাৰ-গাভাস্কাৰ  ট্ৰফী জয় কৰাৰ লক্ষ্যৰে খেলপথাৰত নামিব।


TWITTER

FACEBOOK