পেৰিছ পেৰাঅলিম্পিকৰ পৰা আহিছে সুখবকৰ, কেইবাটাও পদক লাভ ভাৰতৰ

DY365
DY365
Published: September 2,2024 03:06 PM
DY365

Story highlights

পেৰিছ পেৰাঅলিম্পিকৰ পৰা ভাৰতীয় ক্ৰীড়া জগতলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে ভাৰতীয় খেলুৱৈসকলে। বৰ্তমানলৈকে এটা সোণৰ, দুটা ৰূপৰ আৰু চাৰিটা ব্ৰঞ্জৰ পদক লাভ কৰিছে ভাৰতে।

২ ছেপ্তেম্বৰ,২০২৪: পেৰিছ পেৰাঅলিম্পিকৰ পৰা ভাৰতীয় ক্ৰীড়া জগতলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে ভাৰতীয় খেলুৱৈসকলে। বৰ্তমানলৈকে এটা সোণৰ, দুটা ৰূপৰ আৰু চাৰিটা ব্ৰঞ্জৰ পদক লাভ কৰিছে ভাৰতে। খেলৰ চতুৰ্থ দিনটোত পুৰুষৰ হাই জাম্প T-47 শিতানত নিশাদ কুমাৰে ৰূপৰ পদক লাভ কৰাৰ পাছত ভাৰতৰ মুঠ পদকৰ সংখ্যা সাতলৈ বৃদ্ধি পাইছে। মহিলাৰ বেডমিণ্টনত পেৰা শ্বাটলাৰ থুলাচিমাথি মুৰুগেছানে মনীছা ৰামাদাছক পৰাস্ত কৰি মহিলাৰ একক S-U-5 শিতানৰ ফাইনেলত প্ৰৱেশ কৰে।



সোমবাৰে চীনৰ কিউজিয়া ইয়াঙৰ সৈতে মুখামুখি হ’ব খেলুৱৈগৰাকী। ইয়াৰ লগে লগে ভাৰতীয় শ্বাটলাৰ নীতেশ কুমাৰে পুৰুষৰ একক S-L-3 ছেমিফাইনেলত জাপানৰ দৈছুকে ফুজিহাৰক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। ফাইনেলত তেঁও মুখামুখি হ’ব ব্ৰিটেইনৰ বেথেল ডেনিয়েলৰ সৈতে। ইফালে সুহাস যথিৰাজে সুকান্ত কদমক ২১-১৭,২১-১২ ছেটত পৰাস্ত কৰি S-L4 শিতানৰ ফাইনেলত প্ৰৱেশ কৰিছে। যথিৰাজে টকিঅ’ পেৰাঅলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী লুকাছ মাজুৰৰ বিৰুদ্ধে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। লগতে সুকান্তে ব্ৰঞ্জৰ পদকৰ বাবে ইণ্ডোনেছিয়াৰ ফ্ৰেডী চেটিয়াৱানৰ বিৰুদ্ধে প্ৰতিযোগিতাত নামিব। W-S-4 শিতানৰ কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰিছে ভবিনাবেন পেটেল, খেলুৱৈগৰাকীয়ে টেবুল টেনিছত পৰাস্ত কৰে মেক্সিক’ৰ মাৰ্থা ভাৰ্ডিনক। ইয়াৰ উপৰিও পেৰাঅলিম্পিকছৰ ট্ৰিক এণ্ড ফীল্ডত দুটাকৈ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা পেৰা এথলীট হিচাপে গৌৰৱ কঢ়িয়াই আনে এথলিট প্ৰীতি পালে। তেঁও মহিলাৰ ২০০ মিটাৰ T-354 ফাইনেলত ব্ৰঞ্জৰ অৰ্জন কৰিছে।


Related

TWITTER

FACEBOOK