ঘৰুৱা গ্ৰাউণ্ডত সৰ্বনিন্ম স্ক'ৰেৰে নিৰ্লজ্জ আত্মসমৰ্পন টীম ইণ্ডিয়াৰ।

DY365
DY365
Published: October 17,2024 04:19 PM
DY365

Story highlights

ঘৰুৱা গ্ৰাউণ্ডত সৰ্বনিন্ম স্ক'ৰেৰে নিৰ্লজ্জ আত্মসমৰ্পন টীম ইণ্ডিয়াৰ।

১৭ অক্টোবৰ,২০২৪-   ঘৰুৱা গ্ৰাউণ্ডত সৰ্বনিন্ম স্ক'ৰেৰে নিৰ্লজ্জ আত্মসমৰ্পন টীম ইণ্ডিয়াৰ। 



নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত ঘৰুৱা শৃংখলাৰ প্ৰথমখন টেষ্টত বৃহত বেটিং বিপৰ্যয়ৰ সম্মুখীন টীম ইণ্ডিয়া। বেংগালাৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথম দিনৰ খেলত বৰষুণে বিধি-পথালি জন্মোৱাৰ ফলত আজি দ্বিতীয় দিনা টছত জয়ী হৈ ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই বেটিঙৰ সিদ্ধান্ত লয়। প্ৰাৰম্ভিক অৱস্থাৰ পৰাই বেটিং বিপৰ্যয়ৰ সম্মুখীন হৈ ভাৰতীয় দলটোৱে মাত্ৰ ৪৬ ৰাণতে ইনিংছ সামৰে। টীম ইণ্ডিয়াৰ হৈ উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টে সৰ্বাধিক ২০ আৰু যশস্বী জয়ছোৱালে ১৩ ৰাণৰ অৰিহণা আগবঢ়ায়। শূন্য ৰাণতে পেভিলিয়নমুখী হয় টীম ইণ্ডিয়াৰ ৫ গৰাকীকৈ বেটছমেন। বিৰাট কোহলী, ছৰফৰাজ খান, কে এল ৰাহুল, ৰবীন্দ্ৰ জাদেজা আৰু ৰবীচন্দ্ৰণ অশ্বিনে শূন্য ৰাণতে ইনিংছ সামৰাৰ বিপৰীতে অধিনায়ক ৰোহিত শৰ্মাইও ২ ৰাণতে ইনিংছ সামৰে। নিউজিলেণ্ডৰ হৈ মেট হেনৰীয়ে ৫টা, ৱিল ও ৰুৰ্কে ৪টা আৰু টিম চাউদীয়ে ১টা উইকেট দখল কৰে। উল্লেখ্য যে টেষ্ট ক্ৰিকেটত ঘৰুৱা গ্ৰাউণ্ডত এয়া টীম ইণ্ডিয়াৰ সৰ্বনিন্ম স্ক'ৰ হোৱাৰ লগতে টেষ্ট ক্ৰিকেটৰ ইতিহাসত এয়া হৈছে টীম ইণ্ডিয়াৰ তৃতীয় সৰ্বনিন্ম স্ক'ৰ।
 


Related

TWITTER

FACEBOOK