শচীনক অতিক্ৰম! টেষ্ট ক্ৰিকেটত নতুন অভিলেখ ষ্টিভ স্মিথৰ

DY365
DY365
Published: January 29,2025 07:24 PM
DY365

Story highlights

শচীনক অতিক্ৰম! টেষ্ট ক্ৰিকেটত নতুন অভিলেখ ষ্টিভ স্মিথৰ

২৯ জানুৱাৰী ২০২৫-  শচীনক অতিক্ৰম! টেষ্ট ক্ৰিকেটত নতুন অভিলেখ ষ্টিভ স্মিথৰ 



টেষ্ট ক্ৰিকেটত আন এক ৰেকৰ্ড গঢ়িলে অষ্ট্ৰেলিয়াৰ তাৰকা বেটছমেন ষ্টিভ স্মিথে। শ্ৰীলংকাৰ বিৰুদ্ধে আজিৰে পৰা আৰম্ভ হোৱা টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত ১০ হাজাৰ ৰাণ সম্পূৰ্ণ কৰাৰ অভিলেখ গঢ়িলে স্মিথে। গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত ১ ৰাণ সংগ্ৰহ কৰাৰ লগে লগে এই অভিলেখৰ গৰাকী হয় স্মিথ। ১০ হাজাৰ ৰাণ সম্পূৰ্ণ কৰাৰ লগে লগে ষ্টিভ স্মিথে অতিক্ৰম কৰিলে ক্ৰিকেট বিশ্বৰ ভগৱানখ্যাত শচীন তেণ্ডুলকাৰক। টেষ্ট কেৰিয়াৰৰ সৰ্বনিম্ন মেচত ১০ হাজাৰ টেষ্ট ৰান সংগ্ৰহ কৰা বিশ্বৰ দ্বিতীয়জন বেটছমেন হিচাপে পৰিগণিত হল স্মিথ। শচীন তেণ্ডুলকাৰে ১২২খন টেষ্টত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰাৰ বিপৰীতে  ষ্টিভ স্মিথক  ১০ হাজাৰ ৰাণ সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হয় ১১৫ খন টেষ্ট মেচৰ। আনহাতে টেষ্ট ক্ৰিকেটত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰা অষ্ট্ৰেলিয়াৰ চতুৰ্থগৰাকী বেটছমেন ৰূপে পৰিগণিত হ'ল তাৰকা বেটছমেনগৰাকী।  ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ হৈ এলান বৰ্ডাৰ, ষ্টিভ ৱা আৰু ৰিকি পণ্টিঙৰ নামত আছিল এই অভিলেখ। 



আনহাতে ১০ হাজাৰ ৰাণ সম্পূৰ্ণ কৰাই নহয় শ্ৰীলংকাৰ বিৰুদ্ধে আজি টেষ্ট কেৰিয়াৰৰ ৩৫ তম শতক অৰ্জন কৰিলে স্মিথে। ৩৫ তম শতক অৰ্জন কৰা স্মিথ হৈ পৰিল টেষ্ট ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জম কৰা বিশ্বৰ সপ্তমগৰাকী বেটছমেন।


Related

TWITTER

FACEBOOK