টীম ইণ্ডিয়াত এইবাৰ নাথাকিব ৰিয়ান পৰাগ। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ঘোষণা ভাৰতীয় দল।

DY365
DY365
Published: October 26,2024 04:52 PM
DY365

Story highlights

টীম ইণ্ডিয়াত এইবাৰ নাথাকিব ৰিয়ান পৰাগ। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ঘোষণা ভাৰতীয় দল।

২৬ অক্টোবৰ,২০২৪- টীম ইণ্ডিয়াত এইবাৰ নাথাকিব ৰিয়ান পৰাগ। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে ঘোষণা ভাৰতীয় দল।



আগন্তুক বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে BCCIয়ে ঘোষণা কৰিলে ভাৰতীয় দল। ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়াত স্থান লাভ কৰিলে কেইবাজনো নতুন খেলুৱৈয়ে। ২২ নৱেম্বৰৰ পৰা আৰম্ভ হবলগীয়া টেষ্ট শৃংখলাটোত প্ৰথমবাৰলৈ ভাৰতীয় দলত স্থান লাভ কৰিছে অভিমন্যু ঈশ্বৰণ, নীতিশ কুমাৰ ৰেড্ডী আৰু হৰ্ষিত ৰাণাই।অৱশ্যে আঘাতৰ বাবে ভাৰতীয় দলত স্থান লাভ নকৰিলে পেচবলাৰ মহম্মদ শ্বামীয়ে। আনহাতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৮ নৱেম্বৰৰ পৰা আৰম্ভ হবলগীয়া টি-২০ শৃংখলাৰ বাবেও BCCIয়ে ঘোষণা কৰিলে ভাৰতীয় দল।সুৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় টি-২০ দলটোৱে দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰিব। প্ৰথমবাৰলৈ ভাৰতীয় টি-২০ দলত স্থান লাভ কৰিছে ৰমনদ্বীপ সিং, বিজয় কুমাৰ ব্যাশক আৰু য়াশ দয়ালে। আনহাতে আঘাতৰ বাবে ভাৰতীয় টি-২০ দলত স্থান লাভ নকৰিলে ৰিয়ান পৰাগে।দক্ষিণ আফ্ৰিকা ভ্ৰমণৰত ভাৰতীয় টি-২০ দলত স্থান লাভ নকৰিলে ৰিয়ানে। বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী আৰু দক্ষিণ আফ্ৰিকা বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে BCCIয়ে ঘোষণা কৰা ভাৰতীয় দল দুটা হৈছে-
ভাৰতীয় টেষ্ট দল- ৰোহিত শৰ্মা (অধিনায়ক), যশপ্ৰীত বুমৰাহ (উপ অধিনায়ক), যশস্বী জয়ছোৱাল, অভিমন্যু ঈশ্বৰন, শুভমন গীল, বিৰাট কোহলি, কে এল ৰাহুল, ঋষভ পণ্ট (উইকেটকীপাৰ), ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ),সৰফৰাজ খান, ৰবিচন্দ্ৰণ অশ্বিন, ৰবীন্দ্ৰ জাদেজা, মহম্মদ ছিৰাজ, আকাশ দীপ, প্ৰসিদ্ধ কৃষ্ণ, হৰ্ষিত ৰানা, নীতিশ কুমাৰ ৰেড্ডী আৰু ৱাশ্বিংটন সুন্দৰ।
ভাৰতীয় টি-২০দলটো- সূৰ্যকুমাৰ যাদৱ(অধিনায়ক), অভিষেক শৰ্মা, সঞ্জু ছেমচন(উইকেটকীপাৰ), ৰিংকু সিং, তিলক বাৰ্মা, জিতেশ শৰ্মা(উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৰমনদীপ সিং, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণৈ, অৰ্শ্বদীপ সিং, বিজয়কুমাৰ ব্যাশক, আৱেশ খান আৰু যশ দয়াল।


Related

TWITTER

FACEBOOK