অৱসৰ ল'ব নেকি ৰোহিত শৰ্মাই? কি কলে গৌতম গম্ভীৰে

DY365
DY365
Published: March 5,2025 06:03 PM
DY365

Story highlights

অৱসৰ ল'ব নেকি ৰোহিত শৰ্মাই? কি কলে গৌতম গম্ভীৰে

৫ মাৰ্চ,২০২৫-   অৱসৰ ল'ব নেকি ৰোহিত শৰ্মাই? কি কলে গৌতম গম্ভীৰে



শক্তিশালী অষ্ট্ৰেলিয়াক পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত প্ৰৱেশ কৰিছে ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই। ইতিমধ্যেই ভাৰতৰ বিৰুদ্ধে ছেমিফাইনেলত পৰাস্ত হোৱাৰ লগে লগে ক্ৰিকেট বিশ্বক আচৰিত কৰি এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলে অষ্ট্ৰেলিয়া দলৰ অধিনায়ক ষ্টিভ স্মিথে। কিন্তু ৯ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পিছতেই ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাৰো অৱসৰ সন্দৰ্ভত চলিছে জল্পনা-কল্পনা। সছাকৈয়ে চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পিছতেই এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিব নেকি অধিনায়ক ৰোহিত শৰ্মাই? ৰোহিত শৰ্মাৰ অৱসৰ সন্দৰ্ভত এইবাৰ মুখ খুলিছে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে। 
  
সংবাদমেলত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক ৰোহিত শৰ্মাৰ অৱসৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত গৌতম গম্ভীৰে কয় যে- ৯ মাৰ্চত চেম্পিয়নছ ট্ৰফীৰ ফাইনেল। টুৰ্ণামেণ্টৰ প্ৰতিখন খেলতেই ৰোহিত শৰ্মাই যিধৰণৰ টেম্প’ত বেটিং কৰিছে তাৰ দ্বাৰা ৰোহিতে ড্ৰেছিং ৰুমলৈ এটা বাৰ্তা দিছে যে ৰোহিতৰ মাজত এতিয়াও বহু ক্ৰিকেট বাকী আছে। গম্ভীৰে কয় যে ৰোহিতে ডাঙৰ ইনিংছ খেলা নাছিল যদিও তেওঁৰ ইনিংছবোৰ আকৰ্ষণীয় আছিল। আমি আমাৰ খেলুৱৈসকলক একে ভিত্তিতে মূল্যায়ন কৰোঁ। লগতে গম্ভীৰে আৰু কয় যে এজন বিশেষজ্ঞ আৰু সাংবাদিক হিচাপে আপুনি ৰাণ আৰু গড় চায় কিন্তু আমি কেৱল দেখিবলৈ পাওঁ যে সেই খেলুৱৈজনে মেচখনত কি প্ৰভাৱ পেলাইছে। আমি আগ্ৰাসী মনোভাৱেৰে ক্ৰিকেট খেলিব বিচাৰো আৰু আমাৰ এই মনোভাৱক অধিনায়ক হিচাপে ৰোহিত শৰ্মাই  প্ৰথমে বাট দেখুৱাইছে, ইয়াতকৈ ভাল আৰু আমাৰ বাবে আন একো হ’ব নোৱাৰে।



উল্লেখ্য যে চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে খবৰ ওলাইছিল যে BCCIয়ে এদিনীয়া ক্ৰিকেটত ৰোহিত শৰ্মাৰ বিকল্প চিন্তা কৰিছে। ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে প্ৰস্তুতি চলাবলৈ টীম ইণ্ডিয়াৰ বাবে নতুন অধিনায়ক বিচাৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে। আনহাতে, পাকিস্তানে আয়োজক কৰা চেম্পিয়নছ ট্ৰফীয়েই ৰোহিত  শৰ্মাৰ এদিনীয়া কেৰিয়াৰৰ অন্তিমখন প্ৰতিযোগিতা হ’ব বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছিল।


Related

TWITTER

FACEBOOK