২৩ জানুৱাৰী ২০২৫- ছন্দহীন ৰোহিত! একেই দশা শুভমন গিল, জয়ছোৱাল,ঋষভ পণ্টৰ
ৰঞ্জী ট্ৰফীলৈ প্ৰত্যাৱৰ্তন সুখকৰ নহ'ল টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাৰ। জম্মু-কাশ্মীৰৰ বিৰুদ্ধে প্ৰায় ১০ বছৰৰ পিছত মুম্বাইৰ হৈ খেলপথাৰত নামি মাত্ৰ ৩ ৰাণতে পেভিলিয়নমুখী হয় টীম ইণ্ডিয়াৰ অধিনায়কগৰাকী। কেৱল ৰোহিত শৰ্মাই নহয় ৰঞ্জী ট্ৰফীৰ ষষ্ঠ ৰাউণ্ডত খেলপথাৰত নমা কেইবাগৰাকীও তাৰকা ক্ৰিকেটাৰ চুড়ান্তভাৱে ব্যৰ্থ হয়। ব্যৰ্থ হয় শুভমন গিল(৪), যশস্বী জয়ছোৱাল(৪) আৰু ঋষভ পণ্ট(১)। উল্লেখ্য যে টীম ইণ্ডিয়াই শেহতীয়াভাৱে কেইবাটাও শৃংখলাত ধাৰাবাহিকভাৱে কৰা দুৰ্বল প্ৰদৰ্শনৰ পিছতেই অধিক কঠোৰ হৈছিল BCCI তথা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰন বোৰ্ড। শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত পৰাজয়, নিউজিলেণ্ডৰ বিৰুদ্ধে গৃহভূমিতে হোৱাইটৱাশ্ব, তাৰ পিছতেই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ শৃংখলা হেৰুৱাই WTC ফাইনেলৰ আশাত চেঁচাপানী পৰা টীম ইণ্ডিয়াৰ কেইবাগৰাকীও খেলুৱৈৰ প্ৰদৰ্শনক লৈ খৰ্গহস্ত হৈছিল ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ। ইয়াৰ পিছতেই ফৰ্মহীনতাক লৈ যুঁজ দি থকা খেলুৱৈসকলক ৰঞ্জী ট্ৰফী খেলিবলৈ পৰামৰ্শ দিয়া হৈছিল। তাৰ পিছতেই মুম্বাই দলৰ হৈ ৰঞ্জী ট্ৰফী খেলিবলৈ খেলপথাৰত নামিল ৰোহিত শৰ্মা। কিন্তু প্ৰত্যাৱৰ্তন মেচত ১৯টা বল খেলিয়েই আউট হৈ টীম ইণ্ডিয়াৰ অধিনায়কগৰাকী।
উল্লেখ্য যে ৰোহিত শৰ্মাই শেষবাৰৰ বাবে ২০১৫ চনত উত্তৰ প্ৰদেশৰ বিৰুদ্ধে অন্তিমখন ৰঞ্জী মেচ খেলিছিল। য'ত ৰোহিতৰ বেটৰ পৰা আহিছিল ১১৩ ৰাণৰ শতকীয় ইনিংছ ।