খং উঠিছে পাকিস্তানৰ, বয়কট কৰিব চেম্পিয়নছ ট্ৰফী !

DY365
DY365
Published: November 12,2024 04:38 PM
DY365

Story highlights

খং উঠিছে পাকিস্তানৰ, বয়কট কৰিব চেম্পিয়নছ ট্ৰফী !

১২ নৱেম্বৰ,২০২৪-  খং উঠিছে পাকিস্তানৰ, বয়কট কৰিব চেম্পিয়নছ ট্ৰফী ! 



২০২৫ চনত পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া চেম্পিয়নছ ট্ৰফীক লৈ এতিয়া অনিশ্চয়তাই দেখা দিছে। তথ্য অনুসৰি পাকিস্তানৰ পৰিৱৰ্তে চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ'ব পাৰে দক্ষিণ আফ্ৰিকাত। ভাৰতে চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তান নাযাওঁ বুলি সিদ্ধান্ত স্পষ্ট কৰাৰ পিছতেই পাকিস্তানৰ সংবাদমাধ্যম ডনৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে পাকিস্তান ক্ৰিকেট বৰ্ডে আগন্তুক চেম্পিয়নছ ট্ৰফী প্ৰত্যাহাৰ কৰিব পাৰে। 
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে (BCCI) আইচিচি (ICC)ক টীম ইণ্ডিয়াৰ চেম্পিয়নছ ট্ৰফীৰ খেলসমুহ হাইব্ৰিড মডেলৰ অধীনত আয়োজন কৰিবলৈ অনুৰোধ জনাইছিল। হাইব্ৰিড মডেল অনুসৰি টীম ইণ্ডিয়াৰ খেলসমূহ পাকিস্তানৰ পৰিৱৰ্তে UAEত অনুষ্ঠিত হ’ব আৰু মেগা প্ৰতিযোগিতাখনৰ ফাইনেল খেলখন ডুবাইত অনুষ্ঠিত কৰিব লাগিব। 
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ এই সিদ্ধান্তৰ পিছতেই আইচিচিয়ে পিচিবিক নিজৰ মতামত প্ৰকাশ কৰিবলৈ কৈছে। পাকিস্তান ক্ৰিকেট ব’ৰ্ড হাইব্ৰিড মডেলৰ বাবে সাজু নেকি বুলিও আইচিচিয়ে ব’ৰ্ডক প্ৰশ্ন কৰিছে। কিন্তু পাকিস্তান ক্ৰিকেট বৰ্ড (PCB)ৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি এতিয়ালৈকে অহা নাই। খবৰ অনুসৰি পাকিস্তান ক্ৰিকেট ব’ৰ্ডে হাইব্ৰিড মডেল অধীনত চেম্পিয়নছ ট্ৰফীৰ আয়োজন নকৰে। আনহাতে, পিচিবিৰ নিৰ্ভৰযোগ্য সূত্ৰই সংবাদমাধ্যমক জনোৱা মতে, হাইব্ৰিড মডেলত চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত কৰাৰ সন্দৰ্ভত এতিয়ালৈকে কোনো আলোচনা হোৱা নাই।
 এই সকলোবোৰৰ মাজতেই পাকিস্তানৰ সংবাদমাধ্যম ডনৰ বাতৰি অনুসৰি ভাৰতীয় ক্ৰিকেট দলে পাকিস্তানলৈ চেম্পিয়নছ ট্ৰফী খেলিবলৈ নোযোৱাৰ সিদ্ধান্ত লোৱাৰ পিছত BCCIক প্ৰত্যুত্তৰ হিচাপে পাকিস্তান ক্ৰিকেট বৰ্ডে চেম্পিয়নছ ট্ৰফী প্ৰত্যাহাৰ কৰিব পাৰে। আনহাতে ICCৰ আগন্তুক মেগা প্ৰতিযোগিতাসমূহতো টীম ইণ্ডিয়াৰ সৈতে পাকিস্তানে খেল নেখেলাৰ সিদ্ধান্ত নোলোৱা বুলি চৰ্চা চলিছে।


TWITTER

FACEBOOK