১৯ ডিচেম্বৰ,২০২৪-ICCৰ সিদ্ধান্ত! পাকিস্তানত হ’ব চেম্পিয়নছ ট্ৰফী
হাইব্ৰিড মডেলতই অনুষ্ঠিত হ’ব আগন্তুক চেম্পিয়নছ ট্ৰফী। অৱশেষত BCCI আৰু ICCৰ ওচৰত সেওঁ মানিলে পাকিস্তান ক্ৰিকেট বোৰ্ডে। ২০২৫ চনত পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া চেম্পিয়নছ ট্ৰফীক লৈ অনিশ্চয়তাই দেখা দিয়াৰ মাজতেই পাকিস্তান ক্ৰিকেট বোৰ্ডে মানি ললে BCCIৰ দাবী। নিৰাপত্তাজনিত কাৰণত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে চেম্পিয়নছ ট্ৰফী খেলিবলৈ পাকিস্তান নাযাওঁ বুলি সিদ্ধান্ত স্পষ্ট কৰাৰ পিছতেই চৰ্চা চলিছিল যে পাকিস্তান ক্ৰিকেট বৰ্ডে আগন্তুক চেম্পিয়নছ ট্ৰফী প্ৰত্যাহাৰ কৰিব পাৰে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে (BCCI) আইচিচি (ICC)ক টীম ইণ্ডিয়াৰ চেম্পিয়নছ ট্ৰফীৰ খেলসমুহ হাইব্ৰিড মডেলৰ অধীনত আয়োজন কৰিবলৈ অনুৰোধ জনাইছিল। হাইব্ৰিড মডেল অনুসৰি টীম ইণ্ডিয়াৰ খেলসমূহ পাকিস্তানৰ পৰিৱৰ্তে UAEত অনুষ্ঠিত হ’ব আৰু মেগা প্ৰতিযোগিতাখনৰ ফাইনেল খেলখন ডুবাইত অনুষ্ঠিত কৰিব লাগিব। যদিও প্ৰথম অৱস্থাত পাকিস্তান ক্ৰিকেট বোৰ্ডে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ দাবী মানি লোৱা নাছিল কিন্ত ICCৰ মন্তব্য অনুসৰি পাকিস্তান ক্ৰিকেট বৰ্ডে মানি ললে BCCIৰ দাবী আৰু হাইব্ৰিড মডেলতই হ’ব আগন্তুক চেম্পিয়নছ ট্ৰফী। আনহাতে ICCয়েও মানি লৈছে পাকিস্তান ক্ৰিকেট বোৰ্ডৰ কিছু দাবী। ২০২৪-২০২৭ৰ সময়ছোৱাত সকলো ICCৰ ইভেণ্টত ভাৰত আৰু পাকিস্তানৰ মাজত খেলসমূহ অনুষ্ঠিত কৰিব লাগিব নিৰপেক্ষ স্থানত। অৰ্থাত ইয়াৰ প্ৰভাৱ পৰিব ভাৰতত অনুষ্ঠিত হবলগীয়া ২০২৬ চনৰ টি-২০ বিশ্বকাপতো।