২৬ নৱেম্বৰ,২০২৪- ঋষভ পণ্টৰ পৰা বৈভৱ সূৰ্যবংশীলৈ, IPL নিলামত কাৰ কি অভিলেখ?
সামৰণি পৰিল ছৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত আই পি এল ২০২৫ ছিজনৰ মেগা নিলাম। ৬৪১ কোটি টকাৰ ভিতৰত এইবাৰ নিলামত ব্যয় হ'ল ৬৩৯.১৫ কোটি টকা। ১৮২ জন খেলুৱৈ নিলাম হোৱা এইবাৰৰ আই পি এলত অভিলেখ গঢ়িলে উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টে। ২৭ কোটি টকাত
লক্ষ্ণৌ ছুপাৰ জায়েন্টছ দলে ঋষভ পণ্টক ক্ৰয় কৰাৰ লগে লগে পণ্ট হৈ পৰিল আই পি এল ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ। আনহাতে বিগত চিজনৰ বিজয়ী অধিনায়ক শ্ৰেয়াছ আয়াৰক পঞ্জাৱ কিংছ দলে ২৬.৭৫ কোটি টকাত ক্ৰয় কৰাৰ লগে লগে শ্ৰেয়াছ আয়াৰ হৈ পৰিল আই পি এল ইতিহাসৰ দ্বিতীয়গৰাকী আটাইতকৈ দামী খেলুৱৈ। আনহাতে এইবাৰৰ আই পি এলত কোটিপতি হ'ল ১৩ বছৰীয়া বৈভৱ সূৰ্যবংশী। ৩০ লাখ টকাৰ ভিত্তি মূল্যৰে আই পি এলৰ মেগা নিলামত প্ৰৱেশ কৰা আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ আছিল বৈভৱ। ৰাজস্থান ৰয়েলছ দলে ১ কোটি ১০ লাখ টকাৰ বিনিময়ত বৈভৱক দলত অন্তৰ্ভুক্ত কৰে।
আনহাতে ২০২৫ ছিজনৰ নিলামত টকাৰ উজান উঠাৰ বিপৰীতে কোনো এটা দলে ক্ৰয় নকৰিলে ডেভিদ ৱাৰ্ণাৰ, শাৰ্দুল ঠাকুৰ, উমেশ যাদৱ, জনি বেয়াৰষ্টো, কেন উইলিয়ামছন, পিয়ুষ চাওলা, মায়ংক আগৰৱাল, পৃথ্বী শ্ব', ডেৰিল মিচেল, শ্বাই হোপ, মুজিব উৰ ৰহমান, অকিল হুছেইন, আদিল ৰছিদ আৰু কেশৱ মহাৰাজৰ নিচিনা ষ্টাৰ ক্ৰিকেটাৰক।
আই পি এল ২০২৫ ছিজনৰ মেগা নিলামৰ ১০ গৰাকী আটাইতকৈ দামী খেলুৱৈ-
ঋষভ পণ্ট(২৭ কোটি)
শ্ৰেয়াছ আয়াৰ (২৬.৭৫ কোটি)
ভেংকটেশ আয়াৰ –(২৩.৭৫ কোটি)
অৰ্শদীপ সিং – (১৮ কোটি)
যুজবেন্দ্ৰ চাহাল –(১৮ কোটি)
জছ বাটলাৰ – (১৫.৭৫ কোটি)
কে এল ৰাহুল – (১৪ কোটি)
ট্ৰেণ্ট ব'ল্ট – (১২.৫ কোটি)
জছ হেজলউড – (১২.৫ কোটি)
জোফ্ৰা আৰ্চাৰ – (১২.৫ কোটি)