ধোনী, ৰোহিত, কোহলীয়ে ধ্বংস কৰিলে কেৰিয়াৰ।  ষ্টাৰ ক্ৰিকেটাৰৰ পিতৃৰ অভিযোগ।

DY365
DY365
Published: November 14,2024 06:41 PM
DY365

Story highlights

ধোনী, ৰোহিত, কোহলীয়ে ধ্বংস কৰিলে কেৰিয়াৰ।  ষ্টাৰ ক্ৰিকেটাৰৰ পিতৃৰ অভিযোগ।

 ১৪ নৱেম্বৰ,২০২৪-  ধোনী, ৰোহিত, কোহলীয়ে ধ্বংস কৰিলে কেৰিয়াৰ।  ষ্টাৰ ক্ৰিকেটাৰৰ পিতৃৰ অভিযোগ। 



টীম ইণ্ডিয়াৰ ষ্টাৰ ক্ৰিকেটাৰ সঞ্জু ছেমছনৰ পিতৃৰ বিস্ফোৰক অভিযোগ। ছেমছনৰ পিতৃৰ এই অভিযোগ মহেন্দ্ৰ সিং ধোনী, বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু টীম ইণ্ডিয়াৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ বিৰুদ্ধে। বাংলাদেশৰ বিৰুদ্ধে শেহতীয়া টি-২০ শৃংখলাত আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাৰ প্ৰথমখন টি-২০ত বিস্ফোৰক শতক অৰ্জন কৰাৰ পিছতেই সঞ্জু ছেমছনৰ পিতৃ বিশ্বনাথ ছেমছনে ধোনী, ৰোহিত, কোহলী আৰু ৰাহুল দ্ৰাবিড়ৰ বিৰুদ্ধে অভিযোগ আনি কয় যে তিনিগৰাকী তাৰকা ক্ৰিকেটাৰ আৰু এজন প্ৰশিক্ষকৰ বাবে সঞ্জুৰ ক্ৰিকেট কেৰিয়াৰৰ ১০ বছৰ ধ্বংস হ'ল।  



ছেমছনৰ পিতৃয়ে কয় যে ভাৰতীয় দলত কিছুমান খেলুৱৈয়ে অৰ্হতা থাকিলেও খেলিবলৈ সুযোগ নাপায়। ধাৰাবাহিকভাৱে ব্যৰ্থ হোৱা খেলুৱৈও দলত উপৰ্যোপৰি সুযোগ পায়, তাৰ কাৰণ তেওঁলোক নিৰ্বাচক বা অধিনায়কৰ পছন্দৰ ক্ৰিকেটাৰ। তাৰ পৰিৱৰ্তে নিৰ্বাচক বা অধিনায়কৰ অপছন্দৰ ক্ৰিকেটাৰ হলেই দলৰ পৰা বাহিৰ কৰি দিয়া হয়। আনহাতে সঞ্জুয়ে বিগত ২০ বছৰ ধৰি ভাৰতীয় ক্ৰিকেটক নিয়ন্ত্ৰণ কৰা ধোনী, বিৰাট আৰু ৰোহিতৰ পৰা যি সমৰ্থন আশা কৰিছিল, সেই সমৰ্থন পাইছে কেৱল ভাৰতীয় টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱৰ পৰাহে।   
 
উল্লেখ্য যে ধাৰাবাহিকভাৱে প্ৰদৰ্শন কৰিবলৈ ব্যৰ্থ হোৱা বাবে সঞ্জু ছেমছনে কেইবাবাৰো ভাৰতীয় দলত সুযোগ পোৱাৰ পিছতো ভাৰতীয় দলত স্থান নিগাজী কৰিবলৈ সক্ষম নহ'ল। কিন্তু শেহতীয়া টি-২০ খেলসমুহত দুটাকৈ শতক অৰ্জন কৰি সঞ্জু ছেমছনে ভাৰতীয় টি-২০ দললৈ সবল প্ৰত্যাৱৰ্তন কৰিছে।


TWITTER

FACEBOOK