বিবাহ বিচ্ছেদৰ দিশে আন এজন ভাৰতীয় ক্ৰিকেটাৰ!

DY365
DY365
Published: January 24,2025 03:27 PM
DY365

Story highlights

বিবাহ বিচ্ছেদৰ দিশে আন এজন ভাৰতীয় ক্ৰিকেটাৰ!

২৪ জানুৱাৰী ২০২৫-   বিবাহ বিচ্ছেদৰ দিশে আন এজন ভাৰতীয় ক্ৰিকেটাৰ!



যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী বাৰ্মাৰ বিবাহ বিচ্ছেদৰ পিছত এইবাৰ ছচিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে আন এজন ভাৰতীয় ক্ৰিকেটাৰৰৰ বিবাহ বিচ্ছেদৰ খবৰ। এইবাৰ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰবীণ অ’পেনাৰ বেটছমেন বীৰেন্দ্ৰ ছেহৱাগৰ ব্যক্তিগত জীৱন সন্দৰ্ভত আহি আছে এক ডাঙৰ খবৰ। প্রতিবেদন অনুসৰি বীৰেন্দৰ ছেহৱাগে বিবাহৰ ২০ বছৰৰ পাছত পত্নী আৰতি আহলাৱতৰ সৈতে বিচ্ছেদ কৰিবলৈ ওলাইছে ৷ এক প্রতিবেদন অনুসৰি,কেইমাহমানৰ পৰা দুয়োজনে ইজনে সিজনৰ পৰা পৃথকে আছে ৷ ইয়াৰ উপৰিও ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামৰ পৰাও ইজনে সিজনক আনফ’ল’ কৰিছে। উল্লেখ্য যে ২০০৪ চনত ছেহৱাগ আৰু আৰতিৰ বিবাহ অতি আড়ম্বৰেৰে হৈছিল। এনে পৰিস্থিতিত ছ’চিয়েল মিডিয়াত ইজনে সিজনক আনফ’ল’ কৰাৰ পিছত বিচ্ছেদৰ কথা ক্ৰমাৎ ভাইৰেল হৈ পৰিছে।



ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ বীৰেন্দ্ৰ ছেহৱাগে ২০১৫ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত ছেহৱাগক খেলৰ সৈতে জড়িত বিভিন্ন ভূমিকাত দেখা গৈছে। অৱশ্যে এই সকলোবোৰৰ মাজতে বীৰেন্দ্ৰ ছেহৱাগে নিজৰ ব্যক্তিগত জীৱনটো যথেষ্ট ব্যক্তিগতভাৱে ৰাখিছিল। এনে পৰিস্থিতিত যেতিয়ালৈকে ছেহৱাগ বা আৰতিৰ পৰা কোনো বক্তব্য নাহে তেতিয়ালৈকে বিবাহ বিচ্ছেদৰ এই বাতৰি চলি থাকিব।


Related

TWITTER

FACEBOOK