৮ আগষ্ট,২০২৪: আজিও ভাৰত-বাংলাদেশ সীমান্ত অৱস্থান শ শ হিন্দু বাংলাদেশীৰ।ভাৰতত শৰণাৰ্থী হিচাপে প্ৰৱেশৰ চেষ্টা চলাইছে এই সকল হিন্দু বাংলাদেশীয়ে। মঙলবাৰৰ নিশাৰে পৰা সীমান্তত অৱস্থান শ শ বাংলাদেশীৰ। সীমান্তৰ এইপাৰে বিদেশৰ আত্মীয়ৰ বাবে অপেক্ষা একাংশ হিন্দু বাংলাদেশীৰ। শৰণাৰ্থীক বাধা দিয়াৰ চেষ্টা BSFৰ। BSFৰ বিষয়ববীয়াৰ সৈতে আলোচনাত বহিছে আশ্ৰয়প্ৰত্যাশী আৰু ওপৰৰ পৰা কোনো নিৰ্দেশ নহাত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই ভাৰতত এইসকল হিন্দু বাংলাদেশীক। সময় যোৱাৰ লগে লগে বাঢ়ি গৈছে সীমান্তত হিন্দু বাংলাদেশীৰ ভিৰ।
ইতিমধ্যই বাংলাদেশস্থিত সকলো ভাৰতীয় ভিছা কেন্দ্ৰ বন্ধ কৰি দিয়া হৈছে আৰু পৰৱৰ্তী নিৰ্দেশ নহাপৰ্যন্ত অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰা হৈছে কেন্দ্ৰসমূহ। বৰ্তমানৰ পৰিস্থিতিৰ বাবে সকলো IVAC বন্ধ কৰি দিয়া হৈছে। ভাৰতীয় ভিছা কেন্দ্ৰৰ ৱেবছাইটৰ জৰিয়তে এই ঘোষণা কৰা হৈছে। ইয়াৰ পূৰ্বে দেশখনত থকা ভাৰতৰ নাগৰিক আৰু শিক্ষাৰ্থীক দিছিল নিৰ্দেশ।