ভোটগ্ৰহণৰ দিনাই নিৰ্বাচনী নীতি উলংঘাৰ ভিযোগ বিজেপিৰ বিৰুদ্ধে

DY365
DY365
Published: May 7,2024 02:37 PM
DY365

Story highlights

নিৰ্বাচনী নীতি উলংঘা কৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে। বৰষুণৰ অজুহাত লৈ ভোটকেন্দ্ৰতে স্থাপন কৰিলে বিজেপিৰ বুথ ।

৭ মে’২০২৪: বিজেপিৰ বিৰুদ্ধে ভোটগ্ৰহণৰ মাজতেই উত্থাপন হৈছে গুৰুতৰ অভিযোগ । নিৰ্বাচনী নীতি উলংঘা কৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে। বৰষুণৰ অজুহাত লৈ ভোটকেন্দ্ৰতে স্থাপন কৰিলে বিজেপিৰ বুথ । এই ঘটনা সংঘটিত হৈছে বঙাইগাঁৱত। ভোটকেন্দ্ৰটোৰ বাৰাণ্ডাতে চকী-মেজ বহুৱাই বিজেপিৰ শ্লিপ বিতৰণ কৰাৰ অভিযোগ বিজেপি নেতা–কৰ্মীৰ বিৰুদ্ধে।



ভোট গ্ৰহণ কক্ষৰ মাত্ৰ ১০ মিটাৰ দূৰত বিজেপিয়ে বহুৱালে বুথ । নিয়ম অনুসৰি ভোটকেন্দ্ৰৰ পৰা ২০০ মিটাৰ দূৰত্বত থাকিব লাগে নিৰ্বাচনী বুথ ।





প’লিং, প্ৰিজাইডিং বিষয়াই এই সন্দৰ্ভত প্ৰশাসনক কোনো অভিযোগ দিয়া নাছিল । বঙাইগাঁৱৰ ভাকাৰীভিটা মধ্য ইংৰাজী বিদ্যালয়ত সংঘটিত এই আজৱ কাণ্ড । ১০গৰাকী মহিলাৰ নেতৃত্বত ভোটকেন্দ্ৰটোত স্থাপন কৰা হৈছিল বিজেপিৰ বুথ। মহিলা কেইগৰাকীৰ মাজত আছিল বিজেপিৰ ৱাৰ্ড সদস্যয়ো।  DY365ৰ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি উঠি গ’ল বিজেপিৰ বুথটো । 


Related

TWITTER

FACEBOOK