মহাকুম্ভত গংগাস্নান কৰিবলৈ আহি গ্ৰেপ্তাৰ যুৱক

DY365
DY365
Published: January 27,2025 01:17 PM
DY365

Story highlights

মহাকুম্ভত গংগাস্নান কৰিবলৈ আহি গ্ৰেপ্তাৰ যুৱক

২৬ জানুৱাৰী ২০২৫- মহাকুম্ভত গংগাস্নান কৰিবলৈ আহি গ্ৰেপ্তাৰ যুৱক



উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাৰ ত্ৰিবেণী সংগমত ডুব মাৰিবলৈ দেশ-বিদেশৰ লাখ লাখ সাধু-সন্ন্যাসীয়ে ভিৰ কৰিছে। অন্য ভক্ত, সাধু-সন্ন্যাসীৰ নিচিনাকৈ দেওবাৰে মহাকুম্ভ মেলাত গংগাস্নান কৰিবলৈ আহিছিল ৰাজস্থানৰ প্ৰবেশ যাদৱ নামৰ এজন যুৱক। কিন্তু দেখা মাত্ৰকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক। হঠাতেই আৰক্ষীয়ে কিয় যুৱকজনক গ্ৰেপ্তাৰৰ কৰিলে এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হোৱাৰ সময়তে আৰক্ষীয়ে ৰাজহুৱা কৰিলে যুৱকজনক গ্ৰেপ্তাৰৰ প্ৰকৃত কাৰণ।  



ঘটনা অনুসৰি ৰাজস্থানৰ ২২ বছৰীয়া প্ৰবেশ যাদৱ নামৰ যুৱকজনে বিগত ২০২৩ চনৰ পৰাই আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰি আছিল। ২০২৩ৰ ২৯ জুলাইত ১৯নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে বাহনত তালাচী লৈ থকাৰ সময়তে নিষিদ্ধ সামগ্ৰী আলৱাৰৰ পৰা বিহাৰলৈ সৰবৰাহৰ বাবে লৈ গৈ থাকোতেই ধৰা পৰিছিল প্ৰবেশ যাদৱ আৰু তেওঁৰ সহযোগী। কিন্তু ঘটনাস্থলীৰ পৰাই আৰক্ষীৰ চকুত ধুলি দি দীৰ্ঘদিনে ধৰি পলায়ন কৰি আছিল প্ৰবেশ যাদৱে। আৰু অৱশেষত মহাকুম্ভ মেলাত গংগাস্নান কৰিবলৈ যোৱাৰ সময়তে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল প্ৰবেশ যাদৱ।


Related

TWITTER

FACEBOOK