স্মাৰ্টফোন আৰু ইণ্টাৰনেট অবিহনে আপুনি কৰিব পাৰিব অনলাইন পেমেণ্ট

DY365
DY365
Published: November 12,2024 01:39 PM
DY365

Story highlights

স্মাৰ্টফোন আৰু ইণ্টাৰনেট অবিহনে আপুনি কৰিব পাৰিব অনলাইন পেমেণ্ট

১২ নৱেম্বৰ,২০২৪-  স্মাৰ্টফোন আৰু ইণ্টাৰনেট অবিহনে আপুনি কৰিব পাৰিব অনলাইন পেমেণ্ট।



বৰ্তমান সময়ত অধিকসংখ্যক মানুহেই পেমেণ্ট কৰিবলৈ UPI ব্যৱহাৰ কৰে। কেতিয়াবা আকৌ ইণ্টাৰনেট সংযোগৰ অভাৱত অনলাইন পেমেণ্টত বাধা আহি পৰে। কিন্তু আপুনি জানেনে, এতিয়া ইণ্টাৰনেট আৰু স্মাৰ্টফোন অবিহনেও UPI পেমেণ্ট সম্ভৱ হৈছে? এতিয়াৰে পৰা আপুনি আপুনি স্মাৰ্টফোন আৰু ইণ্টাৰনেট অবিহনে সহজেই অনলাইন পেমেণ্ট কৰিব পাৰিব।
ইণ্টাৰনেট অবিহনে UPI পেমেণ্ট কৰিবলৈ প্ৰথমে বেংক একাউণ্টৰ সৈতে লিংক কৰা মোবাইল নম্বৰৰ জৰিয়তে UPI একাউণ্ট সংযোগ কৰি লওঁক।ইয়াৰ বাবে আপোনাৰ ফোনত *৯৯ ডায়েল কৰক।ইয়াৰ পিছত আপুনি ভাষা বাছি লোৱাৰ বিকল্প পাব। ভাষা নিৰ্বাচন কৰাৰ পিছত আপোনাৰ বেংকৰ তথ্য যেনে বেংকৰ নাম আৰু IFSC ক’ড অন্তৰ্ভুক্ত কৰক। ইয়াৰ পিছত আপুনি বেংকৰ তালিকা দেখা পাব য’ৰ পৰা আপুনি আপোনাৰ বেংক নিৰ্বাচন কৰিব পাৰিব। ইয়াৰ পিছত, আপোনাৰ ডেবিট কাৰ্ডৰ শেষৰ ৬টা সংখ্যা আৰু ম্যাদ উকলি যোৱাৰ তাৰিখ অন্তৰ্ভুক্ত কৰক। এইদৰে আপোনাৰ UPI একাউণ্ট ছেট আপ হ'ব, আৰু আপুনি ইণ্টাৰনেট অবিহনেও পেমেণ্ট কৰিব পাৰিব।
ইণ্টাৰনেট অবিহনে পেমেণ্ট কৰিবলৈ *৯৯ ডায়েল কৰক। ইয়াত ‘পেমেণ্ট’ বিকল্প নিৰ্বাচন কৰাৰ পিছত আপুনি গ্ৰাহকৰ UPI আইডি, বেংক একাউণ্ট নম্বৰ, বা ফোন নম্বৰ দিব লাগিব। ইয়াৰ পিছত ধনৰাশি দিয়ক আৰু আপোনাৰ UPI পিন দিয়ক। এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ লগে লগে পেমেণ্ট সফলতাৰে সম্পন্ন হ’ব। মন কৰিব যে এই সেৱা ব্যৱহাৰ কৰিলে প্ৰতিবাৰে প্ৰায় ০.৫০ টকা চাৰ্জ লোৱা হয়, আৰু এটা সময়ত সৰ্বাধিক ৫,০০০ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব।
ইণ্টাৰনেট অবিহনে পেমেণ্টৰ বাবে UPI lite এটা ভাল বিকল্প। এই সেৱা আপুনি PhonePe, Google Pay, Paytm বা Bhim app ত ব্যৱহাৰ কৰিব পাৰে। UPI liteত এদিনত আপুনি সৰ্বোচ্চ ২০০০ টকা পৰ্যন্ত ধনৰ লেনদেন কৰিব পাৰিব। ইয়াৰ বাবে প্ৰথমে UPI Lite ৱালেটত টকা ৰাখক, তাৰ পিছত পেমেণ্ট কৰিবলৈ ৱালেটত ৰখা টকাখিনি ব্যৱহাৰ কৰক। এনেদৰেই আপুনি স্মাৰ্টফোন আৰু ইণ্টাৰনেট অবিহনে অনলাইন পেমেণ্ট কৰিব পাৰিব।


TWITTER

FACEBOOK