কোনে খালে মুখ্যমন্ত্ৰীৰ বাবে অনা চিঙৰা, তদন্ত আৰম্ভ

DY365
DY365
Published: November 8,2024 05:21 PM
DY365

Story highlights

কোনে খালে মুখ্যমন্ত্ৰীৰ বাবে অনা চিঙৰা, তদন্ত আৰম্ভ

৮ নৱেম্বৰ,২০২৪-  কোনে খালে মুখ্যমন্ত্ৰীৰ বাবে অনা চিঙৰা, তদন্ত আৰম্ভ



এইবাৰ চিঙৰা আৰু কেকৰ বিৰুদ্ধে তদন্ত কৰিব চিআইডিয়ে। দেশজুৰি এই খবৰে চৰ্চা লাভ কৰাৰ পিছতেই হিমাচল প্ৰদেশত লাগিছে তোলপাৰ।উল্লেখ্য যে  ২১ অক্টোবৰত হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুয়ে চাইবাৰ চেল শাখা উদ্বোধন কৰিবলৈ গৈছিল। কিন্তু মুখ্যমন্ত্ৰীৰ বাবে অনা এই মিঠাইবোৰ মুখ্যমন্ত্ৰীৰ পৰিৱৰ্তে নিৰাপত্তাৰক্ষীৰ মাজত বিলাই দিয়া হয়। মুখ্যমন্ত্ৰীৰ বাবে অনা চিঙৰা আৰু কেক মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে কেনেকৈ পালে ইয়াত কাৰ দোষ আছিল-ইয়াকে লৈ চিআইডিয়ে তদন্ত কৰিছে। দেশজুৰি এই বিশেষ খবৰে চৰ্চা লাভ কৰাৰ পিছতেই এই সমগ্ৰ বিষয়টোক ভুৱা প্ৰচাৰ বুলি অভিহিত কৰিছে মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৰ প্ৰধান মিডিয়া উপদেষ্টা নৰেশ চৌহানে। আনহাতে বিৰোধী দল তথা বিজেপিৰ মুখপাত্ৰ ৰানাধীৰ শৰ্মাই কয়, ‘ৰাজ্যৰ উন্নয়নৰ প্ৰতি চৰকাৰে চিন্তিত নহয়। তেওঁলোকৰ একমাত্ৰ চিন্তা মুখ্যমন্ত্ৰীৰ চিঙৰা কোনে খালে-ইয়াকে লৈহে’। আনহাতে বিজেপিৰ এই অভিযোগৰ পিছতেই কংগ্ৰছে কয় যে চৰকাৰে কোনো প্ৰত্যক্ষ চিআইডি তদন্তৰ নিৰ্দেশ দিয়া নাই।এই বিষয়টোত লৈ চৰকাৰৰ কোনো সম্পৰ্ক নাই। চিআইডিয়ে নিজেই এই তদন্তৰ দায়িত্ব অব্যাহত ৰাখিছে।


TWITTER

FACEBOOK