পদ্ম বঁটাৰে সন্মানিত ব্যক্তিসকলে কি কি সুবিধা লাভ কৰে?

DY365
DY365
Published: January 26,2025 04:28 PM
DY365

Story highlights

পদ্ম বঁটাৰে সন্মানিত ব্যক্তিসকলে কি কি সুবিধা লাভ কৰে?

২৬ জানুৱাৰী ২০২৫- পদ্ম বঁটাৰে সন্মানিত ব্যক্তিসকলে কি কি সুবিধা লাভ কৰে?



'ভাৰত ৰত্ন'ৰ পিছত 'পদ্ম বঁটা' দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান। এই বঁটাসমূহ 'পদ্ম বিভূষণ', 'পদ্মভূষণ' আৰু 'পদ্মশ্ৰী' তিনিটা ভাগত প্ৰদান কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা কাম, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱা আদি বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলক এই বঁটা প্ৰদান কৰা হয়। ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ বাবে ‘পদ্ম বিভূষণ’, উচ্চ পৰ্যায়ৰ বিশিষ্ট সেৱাৰ বাবে ‘পদ্ম ভূষণ’ আৰু যিকোনো ক্ষেত্ৰত বিশিষ্ট সেৱাৰ বাবে ‘পদ্মশ্ৰী’ সন্মান প্ৰদান কৰা হয়। প্ৰতি বছৰে গণৰাজ্য দিৱস উপলক্ষে এই বঁটা ঘোষণা কৰা হয়।
 গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত এইবাৰো ঘোষণা কৰা হ'ল 'পদ্ম বঁটা'। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ১৩৯ গৰাকী ব্যক্তিক 'পদ্ম বঁটা'ৰ বাবে নিৰ্বাচিত কৰা হৈছে। নিৰ্বাচিত ব্যক্তিসকলৰ ভিতৰত ৭ গৰাকীক 'পদ্ম বিভূষণ', ১৯ গৰাকীক 'পদ্মভূষণ' আৰু ১১৩ গৰাকীক 'পদ্মশ্ৰী বঁটা' প্ৰদান কৰা হৈছে।



ভাৰত চৰকাৰে ১৯৫৪ চনত 'পদ্ম বঁটা' আৰম্ভ কৰিছিল। তাৰ ভিতৰত ১৯৭৮ চনৰ পৰা ১৯৭৯ আৰু ১৯৯৩ চনৰ পৰা ১৯৯৭ চনলৈকে হোৱা বাধাৰ বাহিৰে প্ৰতি বছৰে প্ৰদান কৰি অহা হৈছে এই বঁটা। এইবাৰো ৰাষ্ট্ৰপতিয়ে ১৩৯ গৰাকী ব্যক্তিক 'পদ্ম বঁটা' প্ৰদান কৰিব।



'পদ্ম বঁটা'ৰ সুবিধা হ’ল চৰকাৰ, সংবাদ মাধ্যম আৰু সাধাৰণ মানুহৰ পৰা ব্যাপক স্বীকৃতি লাভ কৰা। পদ্ম বঁটাত ৰাষ্ট্ৰপতিৰ স্বাক্ষৰিত প্ৰমাণ পত্ৰ আৰু পদক থাকে। ইয়াৰ লগতে তেওঁলোকে এটা প্ৰতিৰূপো পায় যিটো তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি পিন্ধিব পাৰে। লগতে 'পদ্মা বঁটা' লাভ কৰা সকলে ৰাষ্ট্ৰপতি ভৱনৰ ভিতৰলৈ গৈ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ সুযোগ পায়।



ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 'পদ্ম বঁটাৰে' সন্মানিত ব্যক্তিজনক মানপত্ৰ আৰু পদক দি সন্মানিত কৰে। কিন্তু আপোনালোকক কওঁ যে 'পদ্ম বঁটাৰে' সন্মানিত ব্যক্তিজনক কোনো ধৰণৰ ধন দিয়া নহয়। এয়া মাথোঁ এক সন্মান যিটো ভাৰত চৰকাৰে বিভিন্ন ক্ষেত্ৰত ভাল কাম কৰা ব্যক্তিসকলক প্ৰদান কৰে। 'পদ্মশ্ৰী', 'পদ্মভূষণ' আৰু 'পদ্ম বিভূষণ' তিনিওটা বঁটাতে কোনোধৰণৰ ধন দিয়া নহয়। 
আনহাতে এই বঁটা কোনো উপাধি নহয়, যিটো সন্মানীয় ব্যক্তিজনে নিজৰ নামৰ সৈতে ব্যৱহাৰ কৰিব পাৰে। যদি কোনো সন্মানীয় ব্যক্তিয়ে তেওঁৰ নামৰ লগতে 'পদ্ম বঁটা'ৰ কথা উল্লেখ কৰে, তেন্তে চৰকাৰে ব্যক্তিজনৰ পৰা এই বঁটা প্ৰত্যাহাৰ কৰিব পাৰে।



'পদ্ম বঁটা' লাভ কৰিবলৈ আপুনি আৱেদন কৰিব লাগিব। আৱেদন কৰাৰ পিছত চৰকাৰে আপোনাৰ আবেদন পৰীক্ষা কৰে। ইয়াৰোপৰি যিকোনো ব্যক্তি, সংগঠন, সাংসদ, বিধায়ক, মন্ত্ৰীয়েও কাৰোবাৰ নাম পৰামৰ্শ হিচাপে দিব পাৰে। কিন্তু এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ভাৰত চৰকাৰে গঠন কৰা কমিটীয়ে গ্ৰহণ কৰে।


Related

TWITTER

FACEBOOK