১ ফেব্ৰুৱাৰীৰ পৰা কৰিব নোৱাৰিব UPI পেমেন্ট!

DY365
DY365
Published: January 30,2025 03:22 PM
DY365

Story highlights

১ ফেব্ৰুৱাৰীৰ পৰা কৰিব নোৱাৰিব UPI পেমেন্ট!

৩০ জানুৱাৰী ২০২৫- ১ ফেব্ৰুৱাৰীৰ পৰা কৰিব নোৱাৰিব UPI পেমেন্ট! 



বিগত কেইবছৰমানত ভাৰতত UPI পেমেণ্টৰ সম্প্ৰসাৰণ ঘটিছে। ভাৰতকে ধৰি বহু দেশত লেনদেনৰ মূল মাধ্যম হৈ পৰিছে UPI পেমেণ্ট। ডিজিটেল পেমেণ্ট প্লেটফৰ্মত গ্ৰাহকৰ সুবিধাৰ্থে চৰকাৰে বহু কাম কৰিছে। আকৌ এবাৰ  UPIৰ সৈতে জড়িত নিয়মৰ ডাঙৰ পৰিৱৰ্তন হ’বলৈ গৈ আছে। ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্পৰেশ্যনে  UPIৰ কিছুমান লেনদেন নাকচ কৰাৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত এখন চাৰ্কুলাৰো জাৰি কৰা হৈছে। ২০২৫ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম। অহা মাহৰ পৰা বিশেষ আখৰেৰে গঠিত  UPI আইডিৰ সৈতে বিত্তীয় লেনদেন এনপিচিআইয়ে বাধা দিব।



এতিয়া এনেধৰণৰ UPI IDহে লেনদেনৰ বাবে ব্যৱহাৰ কৰা হ’ব
নিয়ম অনুসৰি এতিয়া কেৱল আলফানিউমেৰিক আখৰেৰে নিৰ্মিত ID থকা গ্ৰাহকেহে UPIৰ জৰিয়তে বিত্তীয় লেনদেন কৰিব পাৰিব। ইয়াৰ অৰ্থ হ'ল ব্যৱহাৰকাৰীসকলে A-Z আৰু a-z ৰ মাজৰ আখৰ আৰু 0-9 ৰ মাজৰ সংখ্যা ব্যৱহাৰ কৰি ID সৃষ্টি কৰিব পাৰে। এতিয়াৰে পৰা @, #, % আৰু $ আদিৰ দৰে বিশেষ আখৰ থকা IDৰ পৰা লেনদেন গ্ৰহণ কৰা নহ'ব। 



এন পি চি আইয়ে কিয় এই পদক্ষেপ ল’লে?
UPI ID ত বিশেষ সংস্কৰণ গ্ৰহণ কৰা নহ'ব। ইউপিআইৰ লেনদেন বৃদ্ধিৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। এই সন্দৰ্ভত সকলো বেংককে কঠোৰ নিৰ্দেশনা দিয়া হৈছে। ইয়াৰ আগতেও এনপিচিআইয়ে UPI IDৰ বাবে আলফানিউমেৰিক আখৰ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। ইয়াৰ পিছতো কিছুমান বেংক আৰু এপসমূহে নিয়ম মানি চলা নাই। সেয়ে এতিয়া ভাৰতৰ নেশ্যনেল পেমেণ্টছ ইন্টাৰফেছে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।


Related

TWITTER

FACEBOOK