ৰাম মন্দিৰত সোমাল তিনি মুছলমান..... দেশজুৰি বিতৰ্ক

DY365
DY365
Published: October 27,2024 05:28 PM
DY365

Story highlights

ৰাম মন্দিৰত সোমাল তিনি মুছলমান..... দেশজুৰি বিতৰ্ক


২৭ অক্টোবৰ,২০২৪- ৰাম মন্দিৰত সোমাল তিনি মুছলমান.....  দেশজুৰি বিতৰ্ক।

তিনি মুছলমান যুৱকৰ অদ্ভুত কাণ্ড। পুৰোহিতৰ প্ৰচণ্ড বাধা সত্বেও তিনিজন মুছলমান যুৱকে ৰাম মন্দিৰৰ ভিতৰত সোমাই বলপূৰ্বকভাৱে নামাজ পঢ়া কাণ্ডই এতিয়া আলোড়নৰ সৃষ্টি কৰিছে। ৰাম মন্দিৰৰ পুৰোহিতে তিনিওজন যুৱকক নামাজ পঢ়াৰ পৰা বিৰত ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল যদিও, যুৱককেইজনে মান্তি নহ’ল আৰু মন্দিৰৰ পাত্ৰত ৰখা পানীৰে ভৰি ধুই মন্দিৰ চৌহদতে নামাজ পঢ়িলে। মধ্যপ্ৰদেশৰ ছাজাপুৰ জিলাৰ এটা ৰাম মন্দিৰত সংঘটিত হৈছে এই ঘটনা। বাবু খান, ৰুষ্টম খান আৰু আকবৰ খান নামৰ তিনিজন মুছলমান যুৱকে সন্ধিয়া প্ৰায় ৫ বজাত মন্দিৰ চৌহদলৈ আহি মন্দিৰৰ পুৰোহিতৰ বাধা সত্বেও ৰাম মন্দিৰ কমপ্লেক্সত প্ৰৱেশ কৰি নামাজ পঢ়াৰ বিৰুদ্ধে এতিয়া মন্দিৰৰ পুৰোহিতে থানাত গোচৰ ৰুজু কৰিছে। গোচৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্তও আৰম্ভ কৰিছে।
উল্লেখ্য যে যেতিয়া গাঁৱৰ ৰাইজৰ মাজলৈ এই খবৰটো আহিল, তেতিয়া সকলো আচৰিত হৈ পৰিল। সকলোৱে ইয়াৰ বিৰোধিতা কৰিলে, লগতে এই বিষয়টোক লৈ ক্ষোভ প্ৰকাশ কৰিলে। এতিয়া একাংশই প্ৰশ্ন কৰিছে যে তিনিওজন মুছলমান যুৱকৰ বলপূৰ্বকভাৱে মন্দিৰত প্ৰৱেশ কৰি নামাজ পঢ়াৰ উদ্দেশ্য কি আছিল? প্ৰাথমিক অনুসন্ধান অনুসৰি হিন্দুসকলৰ ধৰ্মীয় আৱেগক উচটনি দিবলৈ এই ধৰণৰ কাম কৰা হৈছে বুলি কোৱা হৈছে।
 

Related

TWITTER

FACEBOOK